প্ৰতিভাৱান কণ্ঠশিল্পী নীল আকাশ, তেওঁৰ বিষয়ে নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই । নামেই যাৰ পৰিচয় । নিজস্ব কণ্ঠ প্ৰতিভাৰে সকলোৰে হৃদয়ত এক সুকীয়া আসনৰ অধিকাৰী তেওঁ । সৰুৰেপৰাই দুৰন্ত কণ্ঠ প্ৰতিভাৰ অধিকাৰী নীল আকাশৰ প্ৰথম হিটগীত আছিল “শকুন্তলা” । ইয়াৰ পিছত তেওঁ ” মাছলৈ গৈছিলো ” “চেনীমাই” “চুমা দিয়ানা” আদি এটিৰ পিছত এটাকৈ হিটগীত অসমবাসী ৰাইজলৈ উপহাৰ হিচাপে আগবঢ়ায় ।
সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ত নীলে কৃষ্ণমনি চুতীয়াৰ “ৰাংঢালী ” শীৰ্ষক বিহু এলবামটিৰ কেইবাটাও গীতত কণ্ঠ নিগৰাইছিল । তাৰ ভিতৰত এটি উল্লেখযোগ্য গীত হ’ল “মাঘৰ বিহু আহিল” । উক্ত গীতটোৱে সংগীত প্ৰেমীৰ মাজত যথেষ্ট চৰ্চা আৰু জনপ্ৰিয়তা লাভ কৰিছিল ।
অনামিকা দত্ত
গুৱাহাটী