0 00 1 min 4 yrs 234
অনুভৱ প্ৰিয়ম মিৰি

এই জুই পানী ঢালিও নোৱাৰিবা নুমাব
আপোন অমিয়া দেশ ৰক্ষাৰ বাবে
অহিংসাৰ খৰিৰে উমি উমি জ্বলিয়ে থাকিব
প্ৰয়োজনত ল’ব ৰৌদ্ৰ ৰূপ
এই প্ৰতিবাদী কন্ঠ কৰিব নোৱাৰিবা স্তব্ধ
তেজস্বী ঘোঁৰাৰ দৰে দৌৰিব 
ধুমুহাৰ দৰে কৰিব গতি 
সিংহৰ দৰে গৰ্জিব
সাগৰ-মহাসাগৰ দৰে উঠিব ঢৌ
গণতন্ত্ৰ দেশত এনেকুৱা কোনো কথা নাছিল
প্ৰজাৰ ইচ্ছাৰ বিৰুদ্ধে ৰজাৰ সৰ্বেসৰ্বা
নাছিল প্ৰজাৰ ওপৰত বৰ্বৰতা
নাছিল প্ৰজাৰ পিঠিত বোজা উঠোৱা নিয়ম
একনায়কত্ব,ফেচিষ্টবাদৰ গুলিৰে
এই সংগ্ৰাম প্ৰশমিত কৰিব নোৱাৰিবা
নোৱাৰিবা এই সংগ্ৰাম হত্যা কৰিব
এই সংগ্ৰাম শাসকৰ আকাশ-বতাহ কঁ‌পাব
তেজস্বিনী ঘোঁৰাৰ সন্মোহিত শক্তিৰে        দেশ ৰক্ষাৰ বাবে যুঁজিব জনতা
কৰিব উছৰ্গা নিজৰ জীৱন ।
গামোচা—–অনুভৱ প্ৰিয়ম মিৰি
গামোচাৰ উপত্যকাত গজিব দিয়া
খিলঞ্জীয়াৰ তৰু-বৃক্ষ-লতা
লহপহকৈ সেউজীয়া হ’ব দিয়া
তেওঁলোকৰ দেহ মন সত্তা
সুবাস বিয়পাই ফুলিব দিয়া ফুল
মুকলি আকাশত উৰিব দিয়া চৰাই
উচ্ছেদ নকৰিবা তেওঁলোকৰ বাহ
ধ্বংস নকৰিবা তেওঁলোকৰ বাসভূমি 
তেওঁলোকক থলুৱা হৈ জী থাকিব দিয়া
তেতিয়াৰ পৰা যুগ-যুগান্তৰলৈ
এই উপত্যকাতে প্ৰস্ফুটিত হয় 
ৰামধেনু সদৃশ ঐক্য ভাতৃত্বৰ ফুল
নৱপ্ৰজন্মৰ নতুন পুৱাৰ সূৰ্যমূখী ফুল
নাৰী যেন অপৰূপা প্ৰকৃতিৰ ফুল
অভেদা-ভেদৰ সমন্বয়ৰ ফুল
এই উপত্যকালৈ নিতৌ নামি আহে সূৰ্য
ৰাতিৰ আকাশত জ্বলে জোন-তৰা
আই অসমীৰ সুৰক্ষাৰ বাবে বলে
জনগণৰ প্ৰতিবাদী বতাহ
জ্বালামুখী হয় জনগণৰ আৱেগ ।
তেওঁলোক আছে বাবে গামোচা আছে
গামোচা তেওঁলোকৰ হৃদয় জোৰোৱা গান
গামোচা তেওঁলোকৰ জাতীয় আৱেগ
তেওঁলোক গামোচাৰ ছাঁ‌ত বিশ্ৰাম লৈ 
অনুভৱ কৰে সুখ-দুখ,কান্দে,হাঁহে
গামোচাত আছে তেওঁলোকৰ ভাষা-সংস্কৃতি
গামোচাত আছে তেওঁলোকৰ উদিত সূৰ্য
গামোচাৰ দৰে ফুলি উঠে সিহঁতৰ মস্তিস্ক
গামোচাৰ সিৰে সিৰে বৈ আছে সিহঁতৰ তেজ
গামোচাৰ দৰে কোমল অপৰূপ সিহঁতৰ মন।

Leave a Reply

Your email address will not be published. Required fields are marked *