0 00 1 min 4 yrs 168
সাগৰৰ দৰে ..
তেনেকৈয়ে ভাঁ‌হে
সাগৰৰ বুকুত
কল্পনা
আৰু সাগৰৰ কবিতা
তেনেকৈয়ে
এখিলা পাতল কাগজ
উৰি ওপঙি
ওপঙি ডুবে
এটি দুখৰ চিত্ৰৰে
গোপনে কান্দি .. ,
উহঃ
কি কষ্টত আকাশে লিখে
কাগজত
বিষাদৰ কবিতা
নাঁ‌ওবোৰ ভটিয়াই যোৱাৰ
সাগৰীয়ৰোদন ,
তথাপি ফুলে ৰ’দ
সূৰ্যৰ মৰিচিকাত
ভকতি সেৱা ..
অনুপ অসমীয়া

Leave a Reply

Your email address will not be published. Required fields are marked *