0 00 1 min 4 yrs 205

লিতিকাইৰ ধেমেলীয়া ৰচনাত বেজবৰুৱা দেৱে দশকক বিমল আনন্দ দিবলৈ নাটকীয় পৰিৱেশ সৃষ্টি কৰিছে। যাৰ লক্ষ্য অসম্ভৱ পৰিৱেশ, ভুল, ভ্ৰান্তিৰে মিছা তৰ্ক জাল মেলি দশকক আমোদ দিয়া।  ইচ্ছাপূৰ্বক উদ্ভৱ চিন্তা, সঙ্গতিহীন ভাষা ছন্দৰ ব্যৱহাৰ কৰি পথভ্ৰান্ত পথিকৰ পৰাও জটিল সমস্যাৰ কাহিনী উদ্ধাৰ কৰাটো লিতিকাইৰ অন্যতম বৈশিষ্ট্য। তেখেতৰ প্ৰথম উপন্যাস পদুমকুঁ‌ৱৰীৰ প্ৰথম খণ্ডত দুপৰ ৰাতি ভাব চিন্তাত অস্থিৰ হোৱা ছোৱালীজনী বিচাৰি ফুৰিছে। প্ৰকাশ কৰিছে ” কিয় তেওঁ শোৱাপাটীত, শোৱাৰ পৰিৱৰ্তে, বহি গাৰুত আউজি, গালত হাত দি, বেৰৰ ফালে মাটিৰ প্ৰতিমাখনি যেন হৈ একথেৰে ৰ-লাগি চাই আছে? চকুৰ পৰা দুধাৰি ফটিকৰ নিচিনা পকা গোলাপীজামু যেন গালেদি কি বৈ আহিছে?” ‘বাঁ‌হী’ৰ পাতৰ পৰা পূৰ্ণ হৈ কৃপাবৰে আত্মপ্ৰকাশ কৰে সমসাময়িক চেতনা, বৰদৈচিলা, ন-জোন, জয়ন্তী, অসম বন্তি, অৰুণ , আবাহন, জন্মভূমি, মিলন আৰু অনেকত।তেখেতৰ কৃপাবৰী ৰচনাত ৰসবোধ আৰু বক্ৰোক্তিৰ সৈতে পাঠক পৰিচিত হ’ব পৰাকৈ ভাষাৰ বাগাড়ম্বৰ আছিল ব্যঙ্গাত্মক। এই চমু বৰ্ণনাত তেখেতৰ ৰহস্যময়ী শিশু সাহিত্যবোৰ ৰৈ গ’ল। আমি পৃথিৱীৰ ক’তো বিচাৰি নাপাও ভাষা জননীৰ ৰসৰাজক জনক। গভীৰ শ্ৰদ্ধাৰে আজি তেখেতৰ জয়ন্তী উদযাপন কৰিলোঁ🙏🏻

অনুপ অসমীয়া, তেজপুৰ

Leave a Reply

Your email address will not be published. Required fields are marked *