0 00 1 min 4 yrs 177

কাতিৰেই এটি কোমল পুৱাত

চোতালৰ বিষাদত
সৰু আইৰ উত্তৰ
মানে মইনা শালিকী জনী
শুনচোন বুঢ়া
“ঘৰবোৰত ঘাই মাক থাকে
ঘৰবোৰত !!
সেইবাবেই বেমাৰ বাঢ়ে, 
অৱশ্যে বেমাৰৰ শিকনিত
জীৱনৰ আদিপাঠ
মহা জীৱনৰ মন্ত্ৰ ..!
মই যদি কওঁ‌ 
ঘৰবোৰত বেমাৰ বোৰ বাঢ়ে
বেমাৰৰ উচুপনিত
তই যদি হুপ ধোঁ‌ৱা
তোৰ কি আহে বা যায় ..!
তই ভাল পাবলৈকে
সেউজীয়াই ৰোপণ কৰে পুলি
পুলি বোৰে সেউজীয়া কৰে ৰং
তোক ভাল পাবলৈকে
এই ৰং বোৰে হাত মেলি
পোহৰৰ সন্ধানত 
চিঞৰি চিঞৰি কান্দে
“অ’ মা ! মা । এইখন মোৰ ঘৰ !
আনহাতে ঘৰৰ অহংকাৰ হ’ল
‘we learn education
we teach education’
ঘৰে কয় এইবোৰ প্ৰলাপ  
দুখীয়াৰ যন্ত্ৰণাত এটি কুপ্ৰভাত 
ঘৰবোৰে সেয়ে মিনতি কৰে 
‘আহ ঐ আহ সুখ’ !! আ
আহ হৈ আহ সুখ 
আনটো ঘৰৰ বাবে !
 – – –
আনটো সাধুত 
বুকুক ভুকুৱাই ভুকুৱাই
দগাৰে ভুকুৱাই
ঘৰবোৰে উল্লেখ কৰে
‘দ’ পথাৰৰ সেই ৰোৱনী গৰাকীক
আঘোণৰ মৰণাটো
আয়ে বনোৱা সান্দহ, পানীপিঠা ইত্যাদি ..
অনুপ অসমীয়া

Leave a Reply

Your email address will not be published. Required fields are marked *