0 00 1 min 4 yrs 221

বৰাক ব্ৰহ্মপুত্ৰৰ উপত্যকাত গজি উঠা 

বিভেদ কুসংস্কাৰ জনাঞ্চল তহিলং কৰি
নতুন নিকা সেউজীয়া জনাঞ্চল গঢ়িবলৈ 
তুমি পাটকাই পাৰ হৈ লৈ আহা
নৱ আলোকৰ তীক্ষ্ণ হেংদাঙখন।
সম্প্ৰতি এই উপত্যকাতে অংকুৰিত হয়
চোতালে চোতালে গেলা আৱৰ্জনাৰ ভেঁকুৰ
বিশৃংখলিত অন্ধবিশ্বাস বৈষম্যৰ শেলাই
এই অমসৃণ জনাঞ্চল তহিলং কৰিবলৈ
তুমি পাটকাই পাৰ হৈ লৈ আহা
নৱ আলোকৰ তীক্ষ্ণ হেংদাঙখন ।
এই উপত্যকাতে জ্বলি উঠে
হিংসা সন্ত্ৰাসৰ জুই
বলে অশান্তি সংঘৰ্ষৰ বতাহ
ঢাকে অমানৱতাৰ ক’লীয়া মেঘ
এই অসভ্য জনাঞ্চল তহিলং কৰিবলৈ
তুমি পাটকাই পাৰ হৈ লৈ আহা
নৱ আলোকৰ তীক্ষ্ণ হেংদাঙখন।
এই উপত্যকাতে পোখা মেলে
জাতি-ধৰ্ম ভেদাভেদৰ বননি
উচ্চ-নীচ্চৰ শেলুৱৈ
যুৱ উৎশৃংখলৰ আফিং তহিলং কৰিবলৈ
তুমি পাটকাই পাৰ হৈ লৈ আহা
নৱ আলোকৰ তীক্ষ্ণ হেংদাঙখন।
অনৈক্য ঐক্যৰ হাতৰ হাতেৰে
ঐক্য শান্তি প্ৰগতিৰ গছ ৰোপণ কৰি
সুপ্ত নৱপ্ৰজন্মক জাগ্ৰত কৰি
সম্প্ৰীতিৰ ডোলেৰে বান্ধি ৰাখিবলৈ
পৰিবৰ্তিত স্বচ্ছ শৃংখলিত জনাঞ্চল গঢ়িবলৈ
তুমি পাটকাই পাৰ হৈ লৈ আহা
নৱ আলোকৰ তীক্ষ্ণ হেংদাঙখন।

Leave a Reply

Your email address will not be published. Required fields are marked *