এই দুঃসময়…?
কাহানিও দেখা নাছিল আই বসুমতীয়ে…
আজি অস্থিৰ আই বসুমতী,
সকলো দিশেই কেৱল মৃত্যুৰ কিৰিলি।
পলকতে যেন উৰি যায়,
জীয়াই থকাৰ সকলো আশা।
জীৱন্ত মানৱক সঁজালা মৃত,
তুমি বসুমতীয়ে মহা সন্তাস,
নিষ্ঠুৰ নিয়তিৰ মৃত্যুদূত তুমিয়ে
ক’ৰণা ভাইৰাছ।
চীনত ললা জন্ম তুমি
গোটেই বিশ্বকে কৰিছা হানি।
সাত সাগৰ তেৰ নদী পাৰে হৈ
কৰিলা সংহাৰ নিষ্ঠুৰ নিয়তি হৈ।
দীক্ষাশ্ৰী ডেকা