0 00 1 min 4 yrs 84
বৰ ধুনীয়া বৰ ভাল লগা
মোৰ ফুলনি বাগিচাখনি,
গোলাপ  , কাঞ্চন , জবা , তগৰ ,
গুটিমালি কত কি যে ফুল আছে
মোৰ বাগিচাখনিত ফুলি।
ৰঙা , নীলা , হালধীয়া , 
কত কি ৰঙৰ পখিলা বোৰে নাছে
ফুলনিত ঠেও ধৰি ।
কিমান যে ভাল লাগে মোৰ
বাগিচাখনি
পুৱাৰ পূবালী বেলিয়ে জিলিকি উঠে
মোৰ ফুলনিৰ বাগিচাখনি ,
সময় বাগৰি গ’ল ,
   পূবৰ বেলিটি পশ্চিমলে মাৰ গ’ল 
পৰিল ৰান্ধনীৰ বেলিৰ ছাঁ
মোৰ ফুলৰ বাগিচাখনিত ,
এটি  দুটি কৰি গোলাপৰ কলি
বোৰক চুই চাওঁ এপাহি দুপাহি কৰি
কিমান যে ভাল লাগে মোৰ
              ফুলনি বাগিচাখনি।
              অনুশ্ৰী ফুকন
            

Leave a Reply

Your email address will not be published. Required fields are marked *