0 00 1 min 2 yrs 2
থাবোৰ আধৰুৱা হৈয়ে ৰৈ যায়,
যিদৰে লিখিম লিখিম বুলিও আধালিখা হৈ ৰয়
কবিতাটো,
অথবা
আনক বিচাৰি ফুৰোতেই আধৰুৱা হৈ ৰৈ যায়
মানুহবোৰ ৷
সময়বোৰ কেনি গ’ল উমান কোনে পালে ?
কাহানিও ঘূৰি নহাৰ প্ৰতিশ্ৰুতিৰে
যাওঁ বুলিয়েই যে গ’লগৈ অতীতটো ,
তোমাৰ সপোনবোৰ মোৰ হ’ল ;
মোৰবোৰ আন কাৰোবাৰ ৷
কোনোবাই কিনিলে মাটিৰ বিনিময়ত আকাশ;
কোনোবাই আকৌ আকাশৰ বিনিময়ত এমুঠি সেউজীয়া,
কিনা-বেচাৰ হিচাপ ইয়াতে শেষ নহয়,
শেষ হয় জীৱন ৷
মগজুৰ এটি পৃষ্ঠাত খোদিত হৈ ৰয়
সময়ৰ দিনলিপি,
ঠিক অজন্তা -ইলোৰাৰ ভাস্কৰ্যৰ দৰে
কাহিনী বহুত,
শ্ৰোতা তাকৰ,
ইচ্ছা কৰিলেই বুজিব পাৰি ৷

Leave a Reply

Your email address will not be published. Required fields are marked *