কিমান টকাত বিক্ৰী হয়
ৰাজপথৰ কাষৰ বেশ্যা
গৰাকীৰ কেঁচা মাংস ।
যিমান টকা বিক্ৰী কৰা হয়
পুৰুষজনৰ বিশ্বাস ঘৰখনৰ প্ৰতি,
যিমান টকাত বিক্ৰী হয় বিবাহিত
পুৰুষজনৰ প্ৰতি সন্তানৰ
মৰম,আকুলতা ।
সিমান টকাতে বিক্ৰী হয়
সমাজৰ অভিজাত্যত কুলশতা
সনা ৰাজপথৰ দাঁতিৰ গাৰ
কেচাঁ মাংসৰ ব্যৱসায়ী গৰাকী ।
✍️অপ্ৰিম কুমাৰ বৰা
গুৱাহাটী বিশ্ববিদ্যালয়