0 00 1 min 3 yrs 155

তোমাৰ বাবেই মই বিদ্ৰোহী

প্ৰতাৰণা, বঞ্চনা, ইতিকিঙৰ খিলখিলনি
আৰু মই বিদ্ৰোহী,
ছে গুৱেভাৰাক সুধিছোঁ
বিদ্ৰোহ কি!
ৰাভাৰ আভাত বিচাৰিছোঁ
প্ৰতাৰণা আৰু বঞ্চণাৰ সংজ্ঞা,
নষ্টালজিক মই তোমাক লৈ
সোনোৱালী সপোনৰ চাকনৈয়াত সোমালোঁ
পথভ্ৰষ্ট মই
নেওঁতা গুচি নাম্বাৰ হ’ল,
ভাষাৰ শ্ৰাদ্ধ পাতি
মৎস্য স্পৰ্শও হৈ গ’ল
শ্মশানত বহি চণ্ডালে খুঁচিছে অাইক
আমি নিমাত,
মাতিমেই বা কিয়
জাতি মাতি সকলোটো হ’লেই বিক্ৰী
বিদ্ৰোহী নহৈ কি কৰিম কোৱা,
কোনোবা ব্যস্ত ফেমেলি ষ্টেটাচত
আমি ব্যস্ত গ্লেদিয়াটৰিয়েল ৱাৰ স্পাটাকাচৰ
নিশাৰ জোন জনীৰ তৰাৰ লগত হাঁহি
আমি ভিকহু ছাল্লা বেইমান প্ৰেমিক
ৱাৰ্লড ইকনমিৰ কথা ভাৱোঁতে
অসম হিষ্ট্ৰী শেষ
প্ৰেমৰ নামত কবিতা
নিয়তিৰ নিকৃষ্ট হিংসা 
আৰে বিদ্ৰোহী নহৈ কি কৰিম কোৱা !
তিনি টকীয়া চাউল
স্কুল হ’ল হোটেল
ফোটপাথ ৰম্যভূমি
আৰু কি বিচাৰিম ইয়াত
বানপানী, খৰাং, খেতিত পোক
কিন্তু চৰকাৰৰ দোষ,
ভাল পাওঁ তোমাক 
হৃদয়ৰ সমষ্ট উজাৰি ভাল পাওঁ তোমাক
লুইত আস্ফালিত হ’ওকেই বা নহ’ওক
শৰীৰ প্ৰতি টোপাল তেজ
তোমাৰ বাবে আস্ফালিত,
নিশাৰ ৰম্যভূমিৰ বেশ্যা কেইজনীক সুধিবা
সিহঁত বেশ্যা কিয়!
সিহঁতৰ জাকৈয়া হাঁহি,চলাহি কথাৰ 
বিকেক দংশনক সুধিবা
সিহঁত বেশ্যা কিয়!
উফ…….
এতিয়া কোৱা মই বিদ্ৰোহী নহৈ কি কৰিম
তোমাৰ বাবেই মই বিদ্ৰোহী ।।

অবিনাশ দত্ত

জাগীৰোড
৯৩৬৫৪৭৯০৩৩

Leave a Reply

Your email address will not be published.