0 00 1 min 5 yrs 211
(সাত জুনত গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে )
      অসমীয়া গীতি-সাহিত্য ক্ষেত্রৰ এটি চিৰস্মৰণীয় নাম গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱা।  নামেই যাৰ পৰিচয়। শিৱসাগৰ জিলাৰ দিখৌ নদীৰ পাৰৰ এটা সংস্কৃতিৱান পৰিয়ালত জন্মগ্ৰহণ কৰা এইগৰাকী মহান পুৰষৰ স্থায়ী বাসস্থানৰ ঠিকনা হিচাপে পৰিচিত হৈছিল সোণাৰিৰ সোণালী পাম। এটি কলি দুটি পাতেৰে ভৰপূৰ চাহ বাগিচাৰ মালিক হৈও অসমীয়া সাহিত্য -সংগীত জগতলৈ বিশেষ অবদান আগবঢ়াই গৈছে এইগৰাকী ব্যক্তিয়ে।
নিভাঁজ অসমীয়া সহজ-সৰল শব্দৰ গাঁথনি,ছন্দৰ সাৱলীল গতিৰে গীত আৰু কবিতা ৰচনা কৰি থৈ যোৱা এইগৰাকী মহান ব্যক্তিৰ গীত আৰু কবিতা বোৰত আছে ওপজা মাটিৰ মৰম আৰু সোণৰ অসমৰ বৰ্ণনা। গীতকেইটাৰ পৰাই তেওঁৰ দেশপ্ৰেমী অন্তৰৰ কথা উপলব্ধি কৰিব পৰা হয়। কিন্তু আজি আমি অসম মাতৃৰ সন্তানে যেন পাহৰি পেলাইছোঁ এইগৰাকী মহান ব্যক্তিৰ আদৰ্শক।
চৰাইদেউ জিলাৰ সদৰ সোণাৰি বুলি কলেই প্ৰথমে মনলৈ আহে গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ নাম। অসমীয়া গীতি কাব্য সাহিত্যৰ স্বনামধন্য ব্যক্তি গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱা | গীত আৰু কবিতা আৰু নাটকৰ যোগেদি অসমীয়া সাহিত্য আৰু সাংস্কৃতিক ক্ষেত্ৰখনলৈ বিশেষ অবদান আগবঢ়াই যোৱা এইগৰাকী ব্যক্তিক যেন এতিয়া পাহৰি গৈছে অসমবাসীয়ে | অসমীয়া গীতি কাব্য সাহিত্যৰ অন্যতম পুৰুধা ব্যক্তি গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ সুৰৰ নগৰী সোণাৰিৰ পাৰ্শ্ববতী অঞ্চলৰ বাসিন্দা হিচাপে আমি গৌৰৱবোধ কৰোঁ যদিও আজিৰ তাৰিখত আমি গীতিকবি গৰাকীৰ বাবে কি কৰিব পাৰিছোঁ সেয়া আমাৰ বাবে এক বৃহৎ প্ৰশ্ন হৈ পৰিছে!! গীতিকবিগৰাকীৰ জন্ম আৰু মৃত্যু তিথি উদযাপন কৰিলেই আমাৰ দায়িত্ব শেষ হয় নেকি? সেই কথাও সচেতন প্ৰতিজন লোকৰ মনত নিশ্চয় উদয় হ’ব! কাৰণ আমি  গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ জন্ম আৰু মৃত্যু দিন দুটাত শ্ৰদ্ধাঞ্জলি জনায়েই যেন দায়িত্ব সামৰিব বিচাৰিছোঁ  সকলোৱে | তেন এক প্ৰতিচ্ছবি পৰিস্ফুট হৈছে অসমৰ আন ঠাইতো বাদেই চৰাইদেউ জিলাৰ সদৰ সোণাৰিতো। সকলোৱে নিশ্চয় জ্ঞাত যে জীৱনৰ বেছিভাগ সময় গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাই অতিবাহিত কৰিছিল সোণাৰিত। কিন্তু  অতি পৰিতাপৰ কথা এয়ে যে চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰত থকা গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ সমাধিক্ষেত্ৰ জৰাজীৰ্ণ অৱস্থাত থকাৰ পাছতো আজিলৈকে ৰজাঘৰে বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই | বিগত সময়ত স্থানীয় কেইগৰাকীমান  যুবকৰ উদ্যোগত এই সমাধিস্থলক সংৰক্ষণ কৰাৰ লগতে সৌন্দৰ্য বৰ্ধনৰ বাবে কিছু ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছিল যদিও ৰজাঘৰৰ বিশেষ গুৰুত্ব নোপোৱাত সময়ত সকলোবোৰ ফুটুকাৰ ফেন হ’ল | যাৰ ফলত আজিও অৱহেলিত হৈ পৰি ৰ’ল এই সমাধিস্থল | আনহাতে বিগত সময়ত অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে গীতিকবিৰ নামত এটা বঁটা প্ৰদান  কৰিলে যদিও কিন্তু সমাধিক্ষেত্ৰক স্থায়ী ৰূপত সংৰক্ষণ কৰাৰ কোনো ব্যবস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল আজিলৈকে| যাৰ ফলত আজিও অৱহেলিত হৈ ৰোৱা গীতিকবিৰ সমাধিয়ে ভঙা টোকাৰীৰ  বাই নীৰৱে চকুলো টুকি থকাহে পৰিলক্ষিত হৈছে | আনহাতে নিৰ্দিষ্ট দিন দুটাত স্মৰন কৰাৰ বাদে আমি পুৰুধা ব্যক্তিগৰাকীৰ স্মৃতি ৰক্ষাৰ্থে আন একো কৰিব নোৱাৰোঁ নে? মন কৰিবলগীয়া কথা এয়ে যে সোণাৰিৰ ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়,পদ্ম কুমাৰী বৰুৱা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপৰিও বিভিন্ন শিক্ষানুষ্ঠান স্থাপনৰ বাবে ভুমিদান কৰা এইগৰাকী মহান ব্যক্তিৰ স্মৃতিত শিক্ষানুষ্ঠান কতৃপক্ষই স্থায়ী কোনো কাৰ্যসূচী লোৱা পৰিলক্ষিত হোৱা নাই অদ্যপি। ইপিনে অসমৰ সৰ্ববৃহৎ জাতীয় সাহিত্য অনুষ্ঠান অসম সাহিত্য সভাৰ দৰে আন আন সাহিত্য অনুষ্ঠান বোৰেও যেন আজি পাহৰি পেলাইছে গীতিকবিগৰাকীৰ অৱদানৰ কথা। তাৎপৰ্য্যপূৰ্ণ কথাটো হ’ল গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ অনুপম সৃষ্টি ‘জোনাকী মেল’ক ৰাইজৰ মাজলৈ নিবলৈও সক্ষম হোৱা নাই ৰজাঘৰ। চৰাইদেউ জিলাৰ মৰাণ আৰু সোণাৰিৰ বাদে অসমৰ কোনো ঠাইতে নিয়মীয়াকৈ জোনাকী মেল অনুষ্ঠিত কৰাৰ নজিৰ নাই। আমি আশা কৰিছোঁ জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰে  জাতি-মাটিৰ গোন্ধেৰে পৰিপূৰ্ণ গীতিকাব্য সাহিত্যৰ স্ৰষ্টা গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ ৰচনাৰাজি সংৰক্ষণ তথা তথা পুনৰ প্ৰকাশৰ ব্যৱস্থা গ্ৰহণ কৰক। লগতে পাঠ্যপুথিত গীতিকবিগৰাকীৰ জীৱনী অন্তৰ্ভুক্ত কৰি নৱ প্ৰজন্মক এই বিষয়ে অধিক জানিবলৈ সুবিধা প্ৰদান কৰাৰ ওপৰিও সোণাৰি নগৰস্থিত গীতিকবিৰ সমাধিস্থল সুশৃংখলিত ৰূপত সংৰক্ষণ আৰু সংবৰ্ধন কৰক।

Leave a Reply

Your email address will not be published. Required fields are marked *