0 00 1 min 5 yrs 200

   আজি পাঞ্জাবৰ গুৰদাসপুৰ জিলাৰ বাটালাত আতচবাজীৰ ফেক্টৰী এটাত হোৱা বিস্ফোৰণৰ ফলত অতি কমেও ২১ জন নিহত হোৱাৰ লগতে ২৭ জন আহত হয় । জনবসতি পুৰ্ণ এলেকাত থকা এই ফেক্টৰীটোত বিস্ফোৰণ ঘটোতে আবেলি ৪ বাজিছিল । জানিব পৰা মতে তিনিজন ককাই ভাই মিলি ফেক্টৰীটো চলাইছিল । তেওঁলোকৰ বৰ্তমান এজনহে জীৱিত অৱস্থাত আছে । বাকী দুজন পৰিয়ালৰ আন ৫ জন সদস্যৰ সৈতে ঠাইতে নিহত হয় ।
NDRF আৰু SDRF ৰ উদ্ধাৰ অভিযান অব্যাহত আছে ।
পাঞ্জাব চৰকাৰে নিহত সকলৰ পৰিয়াললৈ ২ লাখ টকাকৈ আৰু আহত সকলৰ বাবে ৫০ হাজাৰ টকাকৈ আৰ্থিক সাহায্য ঘোষণা কৰে । বলীউডৰ অভিনেতা তথা গুৰদাসপুৰৰ  সাংসদ চানি দেওলকে আদি কৰি ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি সকলোৱে টুইট কৰি দুখ প্ৰকাশ কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *