অভিনয় আৰু মডেলিঙৰ জৰিয়তে সকলোৰে পৰিচিত এখন চিনাকি মুখ ” কৃষ্ণপ্ৰিয়া বেজবৰুৱা” ।।
স্কুলীয়া দিনৰে পৰা অভিনয় আৰু মডেলিঙৰ প্ৰতি আকৃষ্ট আছিল । প্ৰথমতে তেওঁ স্থানীয় বিভিন্ন মঞ্চত অভিনয় মডেলিঙৰ জৰিয়তে ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হোৱা কৃষ্ণপ্ৰিয়াই নিজৰ কেৰিয়াৰ গঢ়িবলৈ দিল্লীলৈ ঢাপলি মেলে । দিল্লীত গৈ অনলাইন চপিং চেন্টাৰ এমজনৰ সৈতে জড়িত হৈ পৰে ।এমজনৰ সাজপাৰ পৰিধান কৰি বিভিন্ন ভংগীমাত ফটো উঠি নিজকে মডেলিঙ জগতত সফল হবলৈ সক্ষম হয়।
কৃষ্ণপ্ৰিয়াই সৰুৰে পৰা মডেলিঙৰ লগতে অভিনয় আৰু নৃত্যৰ জৰিয়তে ও নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছিল। অসমৰ বিভিন্ন ঠাইত তেওঁ মৌ কুৱৰী , বিহু কুঁৱৰী, বিহু ৰানীৰ সন্মান লাভ কৰাৰ লগতে আধুনিক নৃত্য গীতত ও শ্ৰেষ্ঠতা অৰ্জন কৰিছিল।।
দীৰ্ঘদিন ধৰি দিল্লীত মডেলিঙৰ সৈতে জড়িত হৈ থকা কৃষ্ণপ্ৰিয়াৰ মন আছিল অসমত আহি কিবা কৰা । এতিয়া অসমলৈ আহি বিভিন্ন ভিচিডি , এলবাম ,ধাৰাবাহিক আদিত অভিনয় কৰি বিষেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ।কেইদিনমান আগত ৰেঙনি চেনেলৰ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউত পোষ্টত ও এটি গুৰুত্ব পুৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল । তেওঁৰ আৰু এটা সপোন আছিল ভ্ৰাম্যমাণ থিয়েটাৰ ৰ মঞ্চত অভিনয় কৰা । সেয়াহে কৃষ্ণপ্ৰিয়াই সপোন বাস্তৱায়িত কৰিবলৈ অহা ২০১৮/১৯ নাট্য বৰ্ষত ভ্ৰাম্যমান ৰ আগশাৰীৰ নাট্য দল নয়নতৰা থিয়েটাৰত চুক্তি বদ্ধ হয় ।।
শুভেচ্ছা থাকিল।। বাইদেউ ।। আপোনাৰ সপোন আগলৈ আৰু পূৰণ হওক তাকেই আমি কামনা কৰিলোঁ ।।

● গগন মেধি ●
( ফেচবুক সমন্বয় মোবাইল থিয়েটাৰ গ্ৰুপ )