0 00 3 yrs 204

অভয়াপুৰীৰ চৌটাকীত ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে গছ পুলি ৰোপন কাৰ্যসূচী।গছ থাকিলেহে মানুহ থাকিব এই কথাষাৰৰ ওপৰত লক্ষ্য ৰাখি অভয়াপুৰীৰ কচমচ ক্লাৱ আৰু চৌটাকী গোমাঠ সংৰক্ষণ তথা উন্নয়ন সমিতিৰ সহযোগত পালন কৰা হয় এই কাৰ্যসূচী।ভৱিষ্যৎ প্রজন্মৰ কাৰণে এখন সেউজ, সুন্দৰ আৰু প্রদূষণমুক্ত পৃথিৱী এৰি যাবলৈ হ’লে বৰ্তমানৰ প্রজন্মই সেউজ বনানীকৰণৰ দৰে কার্যসূচী গ্রহণ কৰি গছপুলি ৰোপণ কৰাৰ বাদে অন্য ৰাস্তা নাই৷ অকল গছপুলি ৰোপণ কৰাই নহয়, সেই ৰোৱা প্রতিটো গছপুলিক নিজৰ সন্তানৰ দৰে ডাঙৰ কৰিলেহে সেউজ বনানীকৰণৰ উদ্দেশ্য সার্থক হ’ব৷ কিয়নো গছ থাকিলেহে সভ্যতা জীয়াই থাকিব ।৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে গছ পুলি ৰোপন কৰা কাৰ্যসূচীত ভিন ভিন প্ৰান্তৰ লোকসকলে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। গছ গছনিৰ উপকৰিতাৰ বিষয়ে চমুকৈ আলোচনাৰ লগতে ভাষণ প্ৰদান কৰে আমন্ত্ৰিত অতিথি সকলে।

অভয়াপুৰীৰ পৰা হিমাংশু দাস ডিংকুৰ প্ৰতিবেদন

Leave a Reply

Your email address will not be published. Required fields are marked *