
আজি মূৰমূৰীয়া চাহ বাগিচাত অসমীয়া ছবিৰ সজাগতা আৰু সৃষ্টিমূলক প্ৰচাৰৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান দ্যা ইভেণ্ট যোৰহাটৰ উদ্যোগত সম্পন্ন হয় ।
সমীৰ ৰয়ৰ সঞ্চালনা আৰু সৃষ্টিমূলক পৰিকল্পনাৰে সম্পন্ন হোৱা “ৰিজাৰ্ভ বাছ অসমীয়া ছবি চাবলৈ যাওঁ আহক “শীৰ্ষক অনুষ্ঠানটিত সামাজিক উদ্যোগী অজয় চৰণ ,যতীন শইকীয়াই সকলোকে অসমীয়া ছবি চাবলৈ চিনেমা হললৈ যোৱাৰ বাবে আহ্বান জনায়। অলপতে মুক্তি পাব লগীয়া জুবিন গাৰ্গ অভিনীত ৰাজনীতি ছবি খনৰো সৃষ্টিমূলক প্ৰচাৰত সকলোৱে সহযোগ কৰে আৰু শ্ল’গান দিয়ে “অসমীয়া ছবি জগতৰ জয় হওক” বুলি ।
(নিজা সংবাদ দিওঁতা)