0 00 1 min 5 yrs 211
সৰুৰে পৰা সংগীতৰ পৰিৱেশত ডাঙৰ-দীঘল হোৱা ন-প্ৰতিভাৰ শিল্পী তেওঁ এতিয়া এজন সু কণ্ঠৰ অধিকাৰী। মই যিজন নৱ প্ৰজন্মৰ শিল্পীৰ কথা কবলৈ লৈছো তেওঁ হ’ল গোলাঘাট জিলাৰ বৰপথাৰৰ হৃদয় চন্দন । তেওঁক সৰুৰে পৰা এই সংগীতৰ সোনালী যাত্ৰাত আগবাঢ়ি যাবলৈ সাহস দিছে পিতৃ শশাংকজিৎ বৰা, মাতৃ চুনুছেত্ৰী বৰা আৰু একমাত্ৰ বায়েক পুজাশ্ৰী বৰায়ে। তেওঁৰ ঘৰৰ প্ৰত্যেকগৰাকী ব্যক্তিৰ লগতে পৰিয়ালৰ প্ৰায়খিনি ব্যক্তিয়ে এই সংগীত জগতৰ লগত জড়িত। তেওঁ কেৱল এজন সুগায়কেই নহয় , তেওঁ  shaulin martial art আৰু অভিনয়ৰ লগতো জড়িত ।
এতিয়া আহো তেওঁৰ সংগীত জগতৰ দিশলৈ । তেওঁৰ সংগীতজগতৰ প্ৰথম গান ” প্ৰতিটো উশাহ ” তেওঁক এই জগতত প্ৰথম চিনাকী কৰাই দিছিল যদুমনি চুতীয়াদেৱে । ইয়াৰ পাছত ধনশিৰি , তৰা, প্ৰিয়া আদি এলবাম আৰু battery gari , দেউতা , হেপাহ  আৰু Baby I Love You , Tum Ho To Main Hu (hindi)আদি গানে তেওঁৰ কণ্ঠত প্ৰান পাই উঠিছে। হৃদয় চন্দনে BABY I LOVE YOU  গানটোৰ বাবে ALL ASSAM CULTURAL UNITY UNION ৰ পৰা DR. BHUPEN HAZARIKA BOLUIT AWARD পাবলৈ সক্ষম হৈছে। তেওঁৰ পৰবৰ্তী পৰিকল্পনা ” মানবতা” নামৰ গানটো । তেওঁ বৰ্তমান সংগীত পৰিচালক পলাশ গগৈদেৱৰ তত্বাধানত sound Engineering ৰ শিক্ষা গ্ৰহন কৰি আছে ।
তেওঁ এই সংগীতৰ যাত্ৰাত সফল হওঁক । সুমধুৰ গীত ৰাইজলৈ আগবঢ়ায় যাওক ।
প্ৰাঞ্জল শংকৰ

Leave a Reply

Your email address will not be published. Required fields are marked *