0 00 1 min 6 yrs 194
নিচেই কম বয়সৰপৰাই সঙ্গীত সাধনাত নিজকে একাত্ম কৰি তুলা এগৰাকী প্ৰতিভাৱান কণ্ঠশিল্পী হ’ল পূৰ্বশ্ৰী গগৈ । শাস্ত্ৰীয় সঙ্গীতৰ নিপুন পূৰ্বশ্ৰী গগৈয়ে সঙ্গীততেই নিজক বিলীন কৰি দিব বিছাৰে । শেহতীয়াকৈ তেওঁ “নামচাং” নামৰ বিহুগীতৰ এলবাম এটাত কণ্ঠদান কৰে ।এলবামটোৰ প্ৰতিটো গীততেই খুব সুন্দৰকৈ কণ্ঠ নিগৰাইছে কণ্ঠশিল্পীগৰাকীয়ে । এলবামটোত তেওঁ প্ৰথমবাৰৰ বাবে কণ্ঠদান কৰিছে অৰ্থাত তেওঁৰ জীৱনৰ প্ৰথমটো এলবাম ।
           ঐতিহাসিক শিৱসাগৰত জন্মলাভ কৰা উদীয়মান কণ্ঠশিল্পী পূৰ্বশ্ৰী সঙ্গীত বিষয়ত স্নাতক ডিগ্ৰীধাৰী । সঙ্গীতৰ উপৰিয়ো খেলা-ধূলা কৰি ভালপায় পূৰ্বশ্ৰী গগৈয়ে । আনহাতে ফুলচেংৰ ভিডিঅ গীত এটাত তেওঁ দক্ষতাৰে অভিনয়ো কৰিছে । পূৰ্বশ্ৰীৰ এই সাংগিতীক যাত্ৰা চিৰদিনলৈ অটুট থাকক ।
(ৰিম্পী গগৈ)

Leave a Reply

Your email address will not be published. Required fields are marked *