0 00 1 min 5 yrs 162

  সৰুৰে পৰা নৃত্যৰ প্ৰতি প্ৰবল ধাউতি থকাৰ বাবে মাকে ওচৰৰ এখন নৃত্য বিদ্যালয়ত নামভৰ্তি কৰি দিয়ে। ৬, ৭ বছৰ বয়সৰ পৰাই নৃত্য গীত শিকিবলৈ লয়। মই যিজনৰ কথা কবলৈ লৈছো তেওঁৰ নাম মানসজ্যোতি গগৈ। তেওঁ পুৰনি ঘৰ শিৱসাগৰত যদিও বৰ্তমান দেউতাকৰ চাকৰিৰ বাবে তেওলোক কাৰ্বি আংলং জিলাৰ বোকাজানৰ নিবাসী।আৰু তেও বৰ্তমান গুৱাহাটীত।  মানসে এই অভিনয় জগতত ভুমুকি মাৰে ২০১৬ চনত জনপ্ৰিয় গায়ক দীক্ষু শৰ্মাৰ এটি বিহু ভিডিঅ জৰিয়তে। তাৰ পাছত ভৃগু কাশ্যপৰ কনেং নামৰ ভিডিঅ গীতটি কৰিবলৈ সুযোগ পায়। পৰবৰ্তী সময়ত অভিমানী , পুৰ্ণিমা আদিকে ধৰি বহুকেইটা ভিডিঅ গীতত অভিনয়ৰ লগতে নৃত্য পাৰদৰ্শিতা দেখুওৱাবলৈ সক্ষম হৈছে।
                   তেওঁ মডেলিংৰ জগতত প্ৰথম খোজ দিয়ে ২০১৩ চনত। তেওঁ মডেলিং ত   ২০১৭ চনত  Mr.&Mrs India 2017 ত শীৰ্ষ ১৫ স্হান লাভ কৰিবলৈ সক্ষম হয়। অভিনয়তকৈ মডেলিং তহে তেও ওতঃপ্ৰোত ভাবে জড়িত।  তেঁওৰ এই অভিনয় আৰু মডেলিং জগতলৈ অহাৰ ক্ষেত্ৰত তেওঁৰ বায়েকেও বহুত উৎসাহ দিছিল। তেওঁ বহু কস্টৰ মাজেৰে আহি আজি এই স্হান পাইছেহি। তেওঁ নৃত্য আৰু অভিনয় কৰি ভাল পাই যদিও মডেলিং ৰ ওপৰত বেছি গুৰুত্ব দিয়ে । মাক দেউতাকৰ মৰম ভালপোৱা আৰ্শীবাদ পুত্ৰৰ লগত সদায় থাকে। তেওঁ বিছৰামতে যাতে আৰু আগুৱাই যায় তাকে কামনা কৰিলোঁ। তেওঁৰ মনৰ আশা পূৰ্ণ হওঁক।

✍প্ৰাঞ্জল শংকৰ

Leave a Reply

Your email address will not be published. Required fields are marked *