অসমৰ নাইটিংগেল দিপালী বৰঠাকুৰ বাইদেউ এগৰাকী সুকণ্ঠী গায়িকা আছিল । অতি কম সময়ৰ ভিতৰতে অসমীয়া সাংগীত জগতত আধিপত্য স্থাপন কৰা দিপালী বৰঠাকুৰ বাইদেউ ১৯৪১ চনত শিৱসাগৰ জিলাৰ সোণাৰিত জন্ম লাভ কৰিছিল । সৰুৰেপৰা সংগীতৰ প্ৰতি ধাউতি থকা কণ্ঠশিল্পী গৰাকীয়ে ১৯৫৮ চনত নবমমান শ্ৰেণীত পঢ়ি থাকোঁতেই “মোৰ বোপাই লাহৰি” গীতটোৰ যোগেদি সাংগীতিক যাত্ৰাৰ আৰম্ভ কৰিছিল ।
“সোণৰ খাৰু নালাগে মোক”, “জোনধনে জোনালীতে”, “কণমান বৰশীৰে চিপ”, “চেনাই মই যাওঁ দেই”, “অ বন্ধু সময় পালে আমাৰ ফালে” আদি তেখেতৰ কিছুমান চিৰসেউজ গীত ।
১৯৬৯ চনত কণ্ঠদান কৰা ” লুইত অ নাযাবি বৈ “ গীতটো তেখেতৰ জীৱনৰ অন্তিম গীত আছিল । তাৰপিছত তেওঁ মটৰ নিউৰণ ডিজিজত ভোগে আৰু হুইলচেয়াৰ ল’বলৈ বাধ্য হয় । ১৯৭৬ চনত তেওঁ বিনন্দ চন্দ্ৰ বৰুৱাৰ পুত্ৰ চিত্ৰশিল্পী নীল পৱন বৰুৱাৰ সৈতে বিবাহ পাশত আবদ্ধ হয় । ১৯৯৯ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী উপাধিৰে সন্মানিত কৰিছিল ।

দুখৰ বিষয় এয়ে যে অসমৰ নাইটিংগেল দিপালী বৰঠাকুৰ বাইদেউ আৰু আমাৰ মাজত নাই । অসমবাসী ৰাইজক কন্দোৱাই তেওঁ ২০১৮ চনৰ ২১ ডিচেম্বৰ তাৰিখে চিৰদিনৰ বাবে চকু মুদিলে । তেখেতৰ মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছো । তেখেতৰ আত্মা ই চিৰ শান্তি লাভ কৰক । বাইদেউৰ মৃত্যুত অসমৰ খালী হোৱা স্থান পুৰোৱা টান ।
অনিতা গগৈ