0 00 1 min 1 yr 9

কালি লৈকে শুভ্ৰ অসম নিমিষতে ৰঙা হ’ল,

ভয় আৰু  আৰ্তনাদত  অসমীয়াৰ কলিজা 
আজি জামুক বৰণৰ হ’ল।
মুখত ওলমি থকা হাহিঁবোৰ
চিগি পৰা লতাৰ দৰে  মৰহি গ’ল,
কেচাপতীয়া সপোনবোৰ হঠাতে লেৰেলী গ’ল।
কাৰোৱাৰ এচিকুট ভূলে আজি সকলোকে কোঙা কৰিছে,
অভিসাৰি মৃত্যুয়ে আজি দেখোন  ঘৰতে বাহৰ পাতিলে।
 কম্পিত হৃদয়ে কৈ উঠে সঘনে 
শুনিব লাগিব নেকি আপোনজনৰ মৃত্যুৰ বাতৰি।
নে নিজৰে মৃত্যুৰ খবৰে বোৱাব প্ৰিয় জনৰ চকুপানী।
আশাশুধীয়া সপোনবোৰ ভাগিযোৱাৰ 
ভয় এটাই বৰকৈ আমনি কৰিছে।
পৃথিৱীলৈ আহিছিলোহে মৰিমেই দেখোন বুলি
 কণমানি পোনা কেইটাইও ভাবিছে।
মৃত্যু যদি সচাঁই শিল্প এই শিল্প কিয় আজি ইমান অসুভনীয় হৈছে? 
শিল্প যদি উপভোগ্য, এয়া কিয় ইমান অসহনীয়?  
প্ৰভু এনে মৃত্যু আমাক আৰু নালাগে,
 যমদুত তুমি ঘূৰি  যোৱা যেনি অহিছিলা সেই বাটেৰে।
                                                    কস্তুৰী ৰাজখোৱা।
                                                    বৰহোলা।(যোৰহাট )

Leave a Reply

Your email address will not be published. Required fields are marked *