0 00 1 min 6 yrs 190
তাহানিতে অসমীয়াই কৰিছিলো খেতি
গৌৰৱ আছিল আমাৰ অসমীয়া বুলি;
ভাই ককাই মিলিজুলি এটি পৰিয়াল
চোতালৰ আগতে শুৱাই ধানৰ ভঁৰাল ।
স্বনিৰ্ভৰ আছিলোযে অসমীয়া জাতি
কোনোকালে দুখীয়া নাছিলো আমি ;
কিয় আজি এনে হ’ল আমাৰ বিলাই
দুখৰ পাচিয়ে দেখো আমাক নুকুলাই।
কোন বাৰু দায়ী আমাৰ এনে দশাৰ
নিজকে সুধিচাবি অসমীয়া এবাৰ ;
হওঁতে হওঁতে আমি ইমান উদাৰ
চাপিলেহি চপনীয়া হেজাৰ বিজাৰ।
নিজৰ বুলি আছেযে তোৰ যিকণ মাটি
সেইকণকে সাৱটি তই ধৰি ৰাখিবি ;
আহি আছে কেনেকৈ চা বাংলাদেশী
ল’বযে নহ’লে সেইকণো দখল কৰি।
আৰু কিমান অসমীয়া উদাৰ হ’বি
আৰু কিমান বিদেশীক প্ৰশ্ৰয় দিবি ;
থাকিলেহে অসমীয়াৰ এইকণ মাটি
থাকিব ই আমাৰ অসমীয়া জাতি।
তোৰ ভঙা পঁজাটিৰ কাষত অসমীয়া
বহিৰাগতে সাজিছে ডাঙৰ অট্টালিকা ;
তাহাতেই ৰজা পাতে তাহাতেই ভাঙে
কি কৰো অসমীয়াই চাই থকাৰ বাদে।
নাই নাই বহুত হ’ল আৰু নোৱাৰো
ওলাই আহঐ অসমীয়া সিহঁতক খেদো ;
নহ’লেযে নৰ’বগৈ জাতিৰ অভিমান
এক হৈ ৰাখো আমি অসমীয়াৰ মান।
খেতিৰ উপৰি আহ বণিজতো ধৰো
বণিজতহে লখিমি কথাষাৰ জানো ;
বিজ্ঞানে আনে আজি প্ৰগতিৰ জোৱাৰ
প্ৰযুক্তিৰ বলতে সজাও এই অসম আমাৰ ।
অসমী আইৰ সেৱাত।

Leave a Reply

Your email address will not be published. Required fields are marked *