
অসম বিশ্ববিদ্যালয়ত উজ্জ্বলিল চাহ বাগিচাৰ মেধাৱী ছাত্ৰী লুহিতা। বোকাখাতৰ বৰচাপৰী বাগিচাৰ শ্ৰমিক মানা নায়কৰ জ্যেষ্ঠ কন্যা শ্ৰী মতী লুহিতা নায়কে অসম বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰি সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয় ।উল্লেখযোগ্য যে লুহিতাৰ মাক-দেউতাকে ৰদ-বৰষুণ ,বতাহ-ধুমুহা নেওচি নিজ কন্যাক অতি কষ্টৰে পঢ়োৱাইছিল ।হাইস্কুল শিক্ষান্ত পৰীক্ষাও সুখ্যাতিৰে উত্তীৰ্ণ হৈ বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল ।চাহ জনজাতি ছাত্র সন্থা আৰু সদৌ অসম ছাত্র সন্থাৰ মিত্ৰযোঁটৰ নিৰ্বাচনত অসমীয়া আলোচনী বিভাগৰ সম্পাদিকাৰ পদত জয়ী হৈ বহু সততাৰে নিজৰ বিভাগটোত কাম কৰি গৈছিল মেধাৱী ছাত্ৰী গৰাকীয়ে । আৰ্থিক অসুবিধাৰ বাবে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল যদিও বিভিন্ন জনৰ সহায় সহযোগ আৰু নিজ আগ্ৰহৰ ফলত অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।লুহিতাৰ সাফল্যত অঞ্চলটোৰ সকলোৱে আনন্দ প্ৰকাশ কৰিছে । একাগ্ৰতা আৰু মনত বল থাকিলে যে সকলো সম্ভৱ হ’ব পাৰে লুহিতা তাৰ এক উদাহৰণ ।লুহিতাৰ সাফল্যত আমি গৌৰৱাম্বিত ।আৰু আগবাঢ়ি যাওঁক লুহিতা আমাৰ Hourly Timesৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনালোঁ ।
সংবাদ দাতাঃ নবিন ।