0 00 3 yrs 220

অসমৰ চাৰি খন ৰাজ সত্ৰৰ অন্যতম শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ উদ্যোগত বিশ্ববিদ্যালয় নামেৰে এক বিশ্ববিদ্যালয় স্থাপনৰ প্ৰস্তুতি চলিছে। কালি বিয়লি এই সম্পৰ্কে এক সংবাদ মেল সম্বোধন কৰে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱ গোস্বামীয়ে। উক্ত সংবাদ মেল খনিত তেওঁ উল্লেখ কৰে যে এতিয়াও কিছু বিষয় গৱেষণাৰ বাহিৰত ৰৈ গৈছে। এই প্ৰস্তাৱিত বিশ্ববিদ্যালয়ৰ খনিত ৬৪ কলাৰ বিষয় সন্নিবিষ্ট কৰাৰ চেষ্টা কৰা হব।বিশ্ববিদ্যালয় খনিৰ মূল আচাৰ্যৰ কাৰ্য্যালয় মাজুলীত অৱস্থিত হব। উপাচাৰ্য , পঞ্জীয়ককে ধৰি প্ৰশাসনিক কাম কাজ যোৰহাট জিলাৰ কলীয়াপানীৰ শাখা সত্ৰৰ পৰা পৰিচালিত হোৱাৰ লগতে শ্ৰেণী কোঠা আৰু পুথিভঁৰাল সমূহ থাকিব আৰু সুবিধা অনুযায়ী বিভিন্ন বিভাগ সমূহ অসমৰ ভিন ভিন প্ৰান্তত থকা আউনীআটী সত্ৰৰ শাখা সমূহত স্থাপন কৰা হব। সম্পূৰ্ণ ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ৰ খনিৰ বৈধতাৰ বাবে ইতিমধ্যে প্ৰাককলন চৰকাৰলৈ প্ৰেৰণ কৰা বুলি তেওঁ জানিবলৈ দিয়ে। এখন বিশ্ববিদ্যালয় স্থাপনৰ বাবে বৃহৎ পুঁজিৰ প্ৰয়োজন হোৱাত উক্ত বিশ্ববিদ্যালয় খনিলৈ আৰ্থিক সাহাৰ্য্য বিচাৰি তেওঁ উল্লেখ কৰে যে যি সদাশয় ব্যক্তিয়ে এই বিশ্ববিদ্যালয় খনিলৈ অৱদান আগবঢ়াই তেওঁলোকে ভাৰতীয় ষ্টেট বেংকৰ মাজুলী কমলাবাৰী স্থিত ৩৮৩২৪৮৮১৮৪২ নম্বৰ একাউন্টত জমা দিব পাৰিব। উল্লেখযোগ্য যে ডাটা সকলৰ নাম সংবাদ পত্ৰ নাইবা পৰ্টেল যোগে প্ৰকাশ কৰাৰ লগতে বিভিন্ন স্থায়ী গৃহ কোনো ব্যক্তিৰ নামত উৎসৰ্গা কৰিব পাৰিব।

দেৱজিৎ

Leave a Reply

Your email address will not be published. Required fields are marked *