0 00 1 min 3 yrs 197

ঐ শুনা তোমাৰ কি নাম বাৰু
তোমাৰ নামটো সুধিম সুধিম ভাৱোতেই
সদায় থাকি যায়!
অাচলতে তোমাক সুধিবলৈ মোৰ ভয় লাগে
ভয় কৰো মই তোমালৈ
আচৰিত হৈছা নহয়!
তোমাক মোৰ খুবেই ভাল লাগে
তোমাৰ কন্ঠ..আহ!ইমান সুৱলা
তোমাৰ মাতষাৰ শুনিলে মোৰ দুখ-ভাগৰ
সকলো আঁতৰি যায়।
তুমি যে প্ৰায়ে গোৱা জুবিন দা ৰ সেই গীতটি
“নহ’লে পৰিচয় হিয়াৰে..”
মই মনে মনে শুনি থাকো।
ক্লাচত মই কেৱল তোমালৈয়ে চাই থাকো
তুমি আকৌ ভুল নবুজিবা।
তোমাৰ লগত চকুত চকু থৈ কথা পাতিবলৈ মন যায়..কিন্তু মোৰ সাহস নহয়..কিয় জানানে?
কিজানিবা তুমি বেয়া পায় যোৱা
কিজানিবা তুমি আঁতৰি যোৱা!
মই তোমাক হেৰুৱাব নিবিচাৰো
কিন্তু তোমাক মোৰ নিজৰ কৰাৰ সাহসো নাই!
তোমাৰ মুখৰ সেই হালধিয়া হাঁহিটোৱে 
মোক সাহস দিয়ে!
তুমি নাজানা..
তুমি গোৱা প্ৰতিটো গীতৰ সুৰে মোক
নতুনৰ সন্ধান দিয়ে!
তোমাৰ বাবেই হয়তো আজি মই জীয়াই আছো!
তোমাৰ বাবেই হয়তো মই আকৌ
 সপোন ৰচিবলৈ লৈছো!
তুমি নজনাকৈয়ে হয়তো মোক 
জীয়াই থকাৰ প্ৰেৰণা দিছা!
মই তোমাক হেৰুৱাব নিবিচাৰো
তুমি মোৰ বাবে আকাশৰ সৌ 
জোনটোৱে হৈ থাকা
যাক মই বহুত ভাল পাঁও 
কিন্তু আকাশৰ পৰা নমাই আনিব নোখোজা
কাৰণ তাৰ সৌন্দৰ্য ম্লান হৈ পৰিব!
    
         —–বিটপী  ভূঞা ।
      *****************
      

Leave a Reply

Your email address will not be published. Required fields are marked *