0 00 1 min 1 yr 10

ভতি বোৱা নদীৰ উন্মাদনাৰে

যেন তোমাক সাৱটি ধৰিম
ফেনে-ফুটুকাৰে যেন উপচি পৰিম
তোমাৰ সমগ্রতাত অৰণ্যৰ সেউজীয়া হৈ
অন্তৰৰ অটলৰ পৰা
ডিঙিলৈ উজাই আহক
ব্ৰহ্মাণ্ডৰ তৃষ্ণার্ত কাতৰতা,
তোমাৰ ওঠৰ পৰা বুটলি আনিম
নিতাল মৰা মোৰ শব্দৰ আদিমতা
আকৌ যেন কবি হৈ যাম
দুহাত মেলি আগচি ধৰিম দূৰন্ত বতাহ
চিটিবাছৰ পাওদানিত ওলমি
গোটেই চহৰ খনক যেন শুনাই যাম
এইমাত্র লিখি শেষ কৰা
মোৰ কবিতাৰ উন্মুক্ত উচ্চাৰণ
উলাহৰ নিচান উৰুৱাই উৰুৱাই
যেন জাকি মাৰি আহিব
অতদিনে মোৰ পৰা আঁতৰি থকা
বসন্ত বসন্ত প্ৰতিটো আখৰ
যেন এতিয়াই লিখিব পাৰিম
আজিলৈ লিখা নোহোৱা
মোৰ শ্ৰেষ্ঠ কবিতা
আকৌ যেন কবি হৈ যাম
দুহাত মেলি আগচি ধৰিম দূৰন্ত বতাহ
         ✍ হিমাংশু প্ৰসাদ দাস

Leave a Reply

Your email address will not be published. Required fields are marked *