গোলাঘাট জিলাৰ বোকাখাট সমষ্টিৰ অন্তৰ্গত নুমলিগড়ৰ এখন পিছপৰা গাঁও হ’ল নপথাৰ । যিখন গাঁৱত অতি কমেও ১৫০ টা পৰিয়ালে বসবাস কৰে । কিন্তু সেইখন গাঁৱত আজিয়ো সম্পূৰ্ণ নহ’ল পানী যোগান প্ৰকল্পৰ কাম । ২০১২ চনতে আৰম্ভ কৰিছিল যদিয়ো আজিয়ো আধৰুৱা অৱস্থাতেই আছে উক্ত পানী যোগান প্ৰকল্পটো । আজি ৭ বছৰেও সম্পূৰ্ণ নহ’ল ইয়াৰ কাম ।
এতিয়া প্ৰশ্ন হ’ল নপথাৰ গাঁৱৰ এই পানী যোগান প্ৰকল্পটোৰ কাম সম্পূৰ্ণ হ’বলৈ আৰু কিমান দিন লাগিব ?
ৰিম্পী কলিতা
গোলাঘাট