0 00 1 min 1 yr 14

মানুহ কেৱল মানুহৰ বাবে

মানুহে মানুহৰ প্ৰেম বিচাৰে 
মানুহে মানুহক ঘৃণা কৰে 
মানুহে মানুহক কিনে বেচে
মানুহে মানুহক কাটে মাৰে 
মানুহে মানুহক তৰে
মানুহে মানুহক ডুবাই
মানুহকহে মানুহ লাগে
গছ বনক,চৰাই চিৰিকতিক 
পশু-পক্ষীক নালাগে
নৈ-সাগৰ, আকাশ-বতাহ, পৰ্বত পাহাৰক
প্ৰয়োজন নাই মানুহৰ
মানুহ নহ’লেও প্ৰকৃতি থাকিব
মানুহ নাথাকিলেও 
সাগৰত জোৱাৰ ভাটা হ’ব
সাগৰৰ পানী ৰ’দৰ তাপত বাষ্প হ’ব
বাষ্প গৈ ডাঁৱৰ হ’ব
ডাঁৱৰৰ পৰা বৰষুণ হ’ব
নৈ জান জুৰি 
একেদৰে থাকিব,
মানুহ নহ’লেও ফুল ফুলিব
গছে ফল দিব 
দিনৰ আকাশত দিবাকৰ
ৰাতিৰ আকাশত জোন-তৰা থাকিব 
মানুহক নালাগে কি
“মানুহক” কিন্ত কাকো নালাগে
তথাপিও অহঙ্কাৰী মানুহ
মানুহ নাথাকিলে 
গছে-বনে শান্তিৰে উশাহ লয়
বনৰ জীৱ-জন্তুৱে 
নিৰ্ভয়ে, মুক্ত বিচৰণ কৰে
চৰাইবোৰে উলাহেৰে গানগাই
মনৰ ইচ্ছাত য’তে ত’তে ঘৰ বান্ধে
মানুহ , 
একমাত্ৰ মানুহ যেন 
জীৱ আৰু জড় জগতলৈ অভিশাপ
জীৱ জগতৰ বাবে কলঙ্ক
“মানুহ” কেৱল মানুহৰ বাদে 
কাৰোৰে কামত নহা এটি প্ৰাণী
ভগৱানৰ ভুল
আমাৰ দূৰ্ভাগ্য
আমি মানুহহৈ জন্ম ললোঁ
এক আতঙ্ক, এক বিভীষিকা হৈ
এতিয়া আতঙ্কৰ নাম “মানুহ” ।
  যাদৱ হাজৰিকা

Leave a Reply

Your email address will not be published. Required fields are marked *