0 00 1 min 4 yrs 161

তিয়াও আছে

ভিতৰি শুকাই অহা এখন নদী
এজোপা শুকান গছৰ
ফাটমেলা হাড় !
ৰাতিৰ বতাহত উৰি ফুৰে
হাতে খেপিয়াই ফুৰা 
বুকুৰ ভিতৰৰ
মোৰেই খোজৰ শব্দ !
সৰি পৰা পূৰণি পাতবোৰৰ দৰে
আৱহমান কালজুৰি
ক্ৰমশঃ পোত গৈ আছে
ভালপোৱাৰ ফুলকটা কলহ !
নদীৰ সোঁতে সোঁতে
উটি যায় চকুপানীৰ চাকি ;
প্ৰতিটো ঋতুতে বাঢ়ে
ভোকৰ হাহাকাৰ ;
আয়ুস শেষ নোহোৱা
সপোনৰ একোটা আকাৰ ।
মোৰ কামিহাড়ত ভেজা দি
ৰাতিটোৱে কৈ যায় ,
প্ৰতিটো দিনেই শুদ্ধ
তুমিতো কাৰো কৰতলীয়া ৰাজ্য নহয় !
কালিলৈকো আহিব দিন
কিমানটা দিন পাৰ হৈ গৈছে
দিয়া-লোৱাৰ মাজেদি ;
কিমানে ৰাখিছে দিওঁতাৰ হিচাপ?
কোনোৱে কয় ,
সৰাপাতবোৰ একোটা মৃত দিনৰ সোঁৱৰণি ;
হিচাপ কৰা নাই
কিমানটা এনে মৃত দিন পাৰ হৈ গৈছে !
পাৰ হৈ যোৱা দিনবোৰত
কোনোৱে ৰৈ থকা নাই
কাৰোবাৰ মুখৰ ছাঁ -পোহৰ বিচাৰি অকলশৰে !
(উপসংহাৰ =মোৰ কলমত
তুমি নেদেখিব পাৰা
ফৰিংফুটা জোনাক
নাইবা
নৈঃশব্দৰ কালহীন সূষমা ;
উজাগৰী ৰাতিৰ মেঘে
প্ৰায়েই তিয়াই যায়
মোৰ আধালেখা কবিতাৰ জীভা !)

Leave a Reply

Your email address will not be published. Required fields are marked *