এজাক মখনা
আৰু এজাক ছন্দহীন মানুহ !
টুমাই ! টুমাই !
কাৰো চিঞৰ কোনেও নুশুনে
টুমাই নাই!!
খোজে নিনাদি যায়
বাট ফালি
পিছে কাঠ হোৱা কলাফুলত
ভঁৰালৰ ভোক
উজুটি খাই বাগৰি যায়
বুকুৰ আঁচল,,,
হাতীৰ জাকটো আগবাঢ়ে
ৰাতিটোও
পুৱাতে
আকাশমুৱা দুটামান মৰা মানুহৰ দেহ
এনেকৈয়ে চিৰাচিৰ হৈছে
জোনে পহৰা দিয়া
ৰাতিৰ অবয়ব !
(হাতী- মানুহৰ সংঘাতত বিধ্বস্ত প্ৰতিজন অসমীয়ালৈ সমবেদনাৰে)