0 00 1 min 4 yrs 207
কাগজ খিলা সোণ
পকেটত দুমুঠি সপোন ।
কেতিয়াবা আকাশ চুবৰ মন
ঝক, ঝক ,ঝক
পাঁচ টকাৰ বাস্তবতা
           ( ২ )
পুৱতিয়ে চৰাই জাকে মাত দিয়ে
A,B,C,D……..! (ক খ গ ঘ)!
সপোন ভাঙি যায়
কিতাপ খন উলিয়াই চায়
ডাঙৰ ডাঙৰ অট্টালিকা
সপোন ভাঙি যায়
ঠাক,ঠাক,ঠাক
পুনৰ্ পাঁচ টকাৰ বাস্তবতা ॥
              (  ৩ )
বসন্তত কুলিয়ে মাত দিয়ে
কুলিৰ মাতত আকুল হয়
কুলিৰ মাতত ভাঁহি আহে
হেজাৰ সপোন ।
কিন্তু ফাগুনৰ পোঁচোৱা বতাহ
মূল্যহীন কৰে সোণৰ কাগজ
টিলিং, টিলিং, টিলিং
আকৌ পাঁচ টকাৰ
বাস্তবতা ……!
               
              

Leave a Reply

Your email address will not be published. Required fields are marked *