0 00 1 min 4 yrs 76
ধুমুহাৰ শেষত 
পদুলিত সৰিপৰা
সৰু সৰু আমৰ কলিবোৰ
ধুলিৰে লুতুৰি পুতুৰি হৈ
মাটিতেই পৰি ৰল ।
আমৰলি পৰুৱা বোৰেও
শুকান পাতৰ
ভগ্ন বাহটোৰ চাৰিওফালে
পিয়াপি দি ফুৰিছে
বৰষুণ জাকত
উটি যোৱা অপত্য টোপবোৰৰ সন্ধানত —-।
নাকৰ তলেৰে পাৰ হৈ যোৱা
ফিৰফিৰীয়া বতাহজাকে
কাণে কাণে কৈ গল
সৌৱা চোৱা
সিঘৰৰ মজিয়াত
আমৰলি পৰুৱাৰ
ভজা টোপৰ ৰমৰমীয়া
ভোজমেল ।
                     মায়ামণি দেৱী 

Leave a Reply

Your email address will not be published. Required fields are marked *