0 00 1 min 4 yrs 251

 দিনবোৰ সাৱটি

বহি ৰ’লোঁ
অট্টালিকাটোৰ একোণত৷
আকাশত এজাক
উৰন্ত চিলনী
সৰি পৰিল 
এখনি পাখি
উচপ খাই উঠিলোঁ 
আস্ কি নীৰৱতা!
মৰাশবোৰ লৈ যোৱা হ’ল
ঘৰবোৰ উকা হ’ল
বাটবোৰত 
পৰি ৰ’ল
ঘনঘোৰ শোকৰ ছাঁ
আস্ কি নীৰৱতা!
মই কৈছিলোঁ
তোমাৰ সৈতে
সাগৰ চাবলৈ যাম
তুমি মোক 
সাগৰ বুলি
আকাশকে চাবলৈ ক’লা
সাগৰ চোৱা নহ’ল সেয়ে
এইবাৰ 
আকাশকে বাৰে বাৰে চাম
এতিয়া তুমিও যে
আকাশৰ স’তে একেলগে আছা!
আস্ কি নীৰৱতা!
(পৃথিৱীৰ এই ভয়াৱহ দিনবোৰত আপোনজনক হেৰুৱাই  দিশহাৰা হোৱা আৰ্তজনৰ নীৰৱতাক সুঁৱৰি)
       — ড° ৰন্টু  দত্ত

Leave a Reply

Your email address will not be published. Required fields are marked *