0 00 3 yrs 139

বোকাখাত আৰক্ষীয়ে বুধবাৰে এক সফল অভিযান চলায় ৷ বোকাখাতৰ লখৌজানত মঙ্গলবাৰে নিশা চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়ত কমাৰগাঁও থানাৰ আৰক্ষী বিষয়া ময়ুৰজিৎ গগৈক দাৰে ঘপিয়াই আহত কৰি পলায়ণ কৰা চোৰাং চিকাৰীটোৰ লগত থকা দুজনক বুধবাৰে নিশা বোকাখাতৰ কমাৰগাঁও অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে বোকাখাত আৰক্ষীয়ে ৷ গ্ৰেপ্তাৰ কৰা এজনৰ নাম শশীন কৰ্মকাৰ আৰু আনজনৰ নাম শিৱা কৰ্মকাৰ ৷ শশীন কৰ্মকাৰৰ ঘৰ বোকাখাতৰ গেলেকা বালিজান লক্ষীজুৰিত আৰু শিৱা কৰ্মকাৰৰ ঘৰ বোকাখাত গড়মূৰ বৰটিকাত ৷ মঙ্গলবাৰে নিশা ঘটনা সংঘটিত হোৱাৰ পাছৰে পৰা দুয়ো পলাতক অৱস্থাত আছিল ৷ বোকাখাত আৰক্ষীৰ সহকাৰী পৰিদৰ্শক দেৱেন বৰাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে দুয়োকে কমাৰগাঁও অঞ্চলৰ পৰা পৃথকে পৃথকে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষী বিষয়া ময়ুৰজিৎ গগৈক আক্ৰমণ কৰা সময়ত দুয়োজন সেই স্থানত আক্ৰমণকাৰীৰ লগত উপস্থিত আছিল ৷ বৰ্তমান গ্ৰেপ্তাৰ কৰা দুয়োৰে ওপৰত আৰক্ষীৰ সোধপোচ অব্যাহত আছে ৷ আনহাতে মুল অভিযুক্তক গ্ৰেপ্তাৰৰ বাবে বোকাখাত আৰক্ষীয়ে অভিযান অব্যাহত আছে ৷

পপী শইকীয়া
বোকাখাত।

Leave a Reply

Your email address will not be published.