0 00 2 yrs 16
চিগাৰেট জ্বলন্ত চিগাৰেট
মৰমেৰে ওঠত ল‌ওঁ
শেষত ভৰিৰে গচকি দিওঁ
তথাপিও মই তাৰ প্ৰিয় ।
মই কবি
অনুভৱ প্ৰকাশ কৰিবলৈ
সি মোৰ সংগী
মই প্ৰায়েই ঘুৰি ফুৰোঁ।
মই নথকা সময়ত
আহিবা তুমি?
দেখিবা মোৰ কোঠালীৰ ডাজবিনত
চিগাৰেটৰ আধা পোৰা টুকুৰা।
এন্ধাৰৰ বন্ধ কোঠাত সি মই থাকোঁ শুই
সি মোৰ ওঠত বাহ সাজে
সি মোৰ জীৱন
মোৰ প্ৰেয়সী।
জীৱনৰ যন্ত্ৰণা
সি ভগাই লয়
সি কয় মই তোমাৰ ছাঁ হৈ ৰম
মোক পুৰি চাই কৰি পেলোৱা।
মোক হুপি হুপি শেষ কৰি দিয়া?
শেষত ভৰিৰে গচকি দিয়া?
তথাপিও মই তোমাৰ লগত থাকিম
তোমাৰ ছাঁ হৈ ।
বিষাদ লুকাই থাকে
ধোৱাৰ মাজত
অথচ হৃদয়খনে শান্তিত শুই পৰে
দীঘলীয়া উশাহ লৈ।
জীৱন ডায়েৰী হাতত
জ্বলন্ত চিগাৰেট ওঠত 
উকা পাতত লিখিছোঁ
শিৰোনাম জীৱনটো এটা জ্বলন্ত চিগাৰেট।
জ্বলি আছে
জীয়াই আছে
চিগাৰেটৰ ধোৱাৰ মাজত
ক্লান্ত এই প্ৰাণ।
   আৰ্জু আহমেদ

Leave a Reply

Your email address will not be published. Required fields are marked *