মোৰ আচৰণ হেনো অভদ্ৰ
মই পৰিধান কৰা
পোছাক দেখিলে সকলোৱে কয় ,
সেই জন নষ্টলৰা।
ভদ্ৰ সমাজৰ এজন অভদ্ৰ লৰা
ঠিকেই হাঃ হাঃ হাঃ
আৰে মই মূখা পিন্ধা ভদ্ৰ হব নিবিচাৰোঁ তহঁতৰ দৰে,
যি মোৰ ইচ্ছা সেয়া কৰি সুখী হওঁ
কিন্তু তহঁতে ভবাৰ দৰে নহয় মই
মোক নষ্ট ৰূপে চিনাকি দিছা
ভালেই কৰিছা ।
কাৰণ মই অভদ্ৰই
কেইজনমান ভদ্ৰ ব্যক্তিৰ
সৈতে চিনাকি হলোঁ
যি সমাজখনে সিহঁতক জনাই সন্মান
আৰু সিহঁতে ভিতৰতে ভিতৰতে কৰে অপমান,
কৰে বিক্ৰী সমাজখন।
আৰ্জু আহমেদ
নলবাৰী-ঘগ্ৰাপাৰ