0 00 1 min 3 yrs 190

বঙাইগাঁৱৰ এদল উদীয়মান যুৱকৰ প্ৰশংসনীয় পদক্ষেপ। ইউটিউব চেনেলৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱাৰ চেষ্টা।বঙাইগাওঁ জিলাৰ উত্তৰ অভায়াপুৰী সমষ্টিৰ অন্তৰ্গত বালাৰচৰৰ এদল উদীয়মান যুৱকৰ এক ব্যতিক্ৰমী প্ৰচেষ্টাই যুৱ সমাজৰ মাজত আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে। যি সময়ত কভিডৰ ভয়াবহতাৰ ফলত হাজাৰ-হাজাৰ লোকৰ কৰ্মসংস্থাপন হেৰাইছে, দৰিদ্ৰতা, নিৱনুৱাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে তেনে সময়তে বালাৰচৰৰ এদল শিক্ষিত যুৱকে ইউটিউব চেনেলৰ যোগেদি বহু লোকৰ মাজত আশাৰ সঞ্চাৰ সৃষ্টি কৰিছে। কভিডৰ জটিল পৰিস্থিতিৰ মাজতো হাত সাবটি বহি নাথাকি যুৱক কেইজনে Saima Music production নামৰ ইউ টিউব চেনেলৰ যোগেদি বিভিন্ন ধৰণৰ শ্বৰ্ট ফিল্ম প্ৰস্তুত কৰি সামাজিক মাধ্যমত প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা কিছুমান প্ৰতিভা সম্পন্ন যুবক-যুৱতী আৰু শিশু শিল্পীক মাতি আনি সিহঁতৰ অভিনয়, গান, নৃত্য আদিৰ যোগেদি নিজকে বিকাশ কৰা সুবিধা দিছে। Saima Music production যে প্ৰস্তুত কৰা কাহিনীত একশ্বন, ৰোমাঞ্চ, ট্ৰেজেডি আদিৰ যোগেদি দৰ্শকৰ আমোদ-প্ৰমোদৰ লগতে সমাজক এক যোগাত্মক মেছেজ দিয়াৰ চেষ্টা কৰিছে। অতি কম সময়ৰ ভিতৰতে Saima Music production এ ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।সংবাদ দাতাঃ আব্দুল কৰিম

Leave a Reply

Your email address will not be published. Required fields are marked *