0 00 5 yrs 205
 

   কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইক’চেনজিটিভ জ’ন ,এনিমেল কৰিড’ৰ ঘোষনাৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকাৰ বিৰোদ্ধে দেউবাৰে কাজিৰঙাত বিশাল প্ৰতিবাদী কাৰ্যসূচী ৷দুই সহস্ৰাধিক প্ৰতিবাদী ৰাইজৰ ৰাইজৰ উপস্থিতিত প্ৰতিবাদী সভা অনুষ্ঠিত কৰাৰ লগতে অৱৰোধ কৰে কহঁৰাৰ  ৩৭ নং ৰাষ্ট্ৰীয় পথ ৷কাৰ্যসূচীত বৃহত্তৰ কাজিৰঙাৰ বিভিন্ন জাতীয় সংগঠন, স্থানীয় ৰাইজৰ লগতে শাসকীয় আৰু বিৰোধী দলৰ ৰাজ্যিক তথা জিলা পৰ্যায়ৰ নেতা কৰ্মীয়ে অংশ গ্ৰহন কৰে ৷উল্লখ্য যে উচ্চতম ন্যায়ালয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ১০ কি:মি ব্যাসাৰ্ধ এলেকা সামৰি পাৰিপাৰ্শ্বিক সংবেদনশীল অঞ্চল ঘোষণাৰ নিৰ্দেশনা জাৰি কৰিছে ৷কিন্তুু ৰাইজৰ অভিযোগ একাংশ প্ৰকৃতি প্ৰেমী সংগঠন আৰু চৰকাৰী পক্ষৰ প্ৰতিবেদনৰ ভিত্তিত ন্যায়ালয়ে এই নিৰ্দেশনা জাৰি কৰিছে ৷কিন্তু প্ৰতিবেদন দাখিলৰ পূৰ্বে চৰকাৰে স্থানীয় লোকৰ লগত আলোচনা কৰাৰ ব্যৱস্থা নকৰিলে ৷যাৰ পৰিপেক্ষিতত কাজিৰঙাৰ পাঁচ লক্ষাধিক লোকৰ মৌলিক অধিকাৰ খৰ্ব হোৱাৰ আশংকাই দেখা দিছে ৷

লগতে কাজিৰঙাত এনিমেল কৰিড’ৰৰ সংখ্যা চাৰিটাৰ পৰা ন টালৈ বৃদ্ধি কৰাৰ সিদ্ধান্তৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ৰাইজৰ দাবী স্থানীয় লোকৰ স্বাৰ্থ সুৰক্ষা অক্ষুণ্ণ ৰাখি পাৰিপাৰ্শ্বিক সংবেদনশীল এলেকা সন্দৰ্ভত চৰকাৰে পুনৰ বিবেচনা কৰক ৷আনহাতে চৰকাৰে এনিমেল কৰড’ৰৰ সংখ্যা হ্ৰাস কৰাৰ ব্যৱস্থা গ্ৰহন কৰক ৷পথ অৱৰোধৰ অন্তত বোকাখাত মহকুমা প্ৰশাসনৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপাললৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷

পপী শইকীয়া

Leave a Reply

Your email address will not be published. Required fields are marked *