
অলপতে ইছলামিক চেন্টাৰ ফৰ ইণ্ডিয়া নামৰ এটা অজ্ঞাত সংগঠনে ইছলামৰ ৰমজান মাহক উদ্দেশ্য কৰি জাৰি কৰা কেতবোৰ নীতি-নিৰ্দেশনা সম্বলিত এটি নিউজ প্ৰায় কিছুমান ইলেক্ট্ৰনিক মিডিয়াই প্ৰচাৰ কৰা দেখা গৈছে৷ ইয়াত উল্লেখ আছে যে, ৰমজান মাহত নিশাৰ ভাগত পঢ়া তাৰাৱীহ নামাজ বিশ ৰাকাত নহয় দহ ৰাকাতহে যেন ইছলামধৰ্মী লোকসকলে পঢ়ে, মুছলমানসকলে চেহৰিৰ বাবে মানুহক জগাবলৈ তথা দোকমোকালিতে ফজৰৰ নামাজৰ বাবে আহ্বান কৰিবৰ বাবে লাউডস্পীকাৰ ব্যৱহাৰ নকৰিবলৈ, ৰমজান মাহত দুখীয়া গৰিবৰ মাজত ইফতাৰৰ খাদ্য বস্তু বিতৰণ কৰিবলৈ আৰু কোনো ইফতাৰ পাৰ্টী তথা তাৰাৱীহ নামাজত ১০০ জনতকৈ অধিক মানুহ গোট নাখাবলৈ ইত্যাদি কেতবোৰ নীতি-নিৰ্দেশনা মুছলমানৰ ওপৰত জাৰি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আৰ্জি পেচ কৰা বুলি জানিব পৰা গৈছে৷ ৰাজা ফাউণ্ডেশ্যন, অসমে ভাৰতবৰ্ষৰ বিভিন্ন ইছলামী সংগঠন তথা আজি যুগ যুগ ধৰি ইছলামী বিষয় সম্পৰ্কত গৱেষণা কৰি থকা আৰু ছাত্ৰ-ছাত্ৰীসকলক ইছলামী শিক্ষা প্ৰদান কৰি থকা সন্মানীয় মাদ্ৰাছাসমূহৰ প্ৰধানৰ সৈতেও যোগাযোগ কৰি ইছলামিক চেন্টাৰ ফৰ ইণ্ডিয়া নামৰ পাবত গজি উঠা সংগঠনটোৰ কোনো ভূ উলিয়াব পৰা নাই৷ সি যি কি নহওক বিগত সময়চোৱাত কভিড-১৯ মহামাৰীৰ বাবে হোৱা লকডাউনত মুছলমানসকলে চৰকাৰী নীতি-নিৰ্দেশনা সম্পূৰ্ণকৈ পালন কৰিছে৷ ইয়াক পুনৰবাৰ দোহৰাৰ কোনো প্ৰয়োজন নাই৷ এই অখ্যাত সংগঠনটোৱে কোৱাৰ দৰে কভিড-১৯ মহামাৰীৰ বাবে সামাজিক দূৰত্ব মানি ১০০ জন কিয় ১০০০ জনো সমবেত হোৱাত আপত্তি কি? মাস্ক পৰিধান কৰি, চেনিটাইজাৰ ব্যৱহাৰ কৰি, ইজনে সিজনৰ সংস্পৰ্শত নহাকৈ মানুহে সমবেত হোৱাত ক’তো একো বাধা নাই৷ মাত্ৰ আমি কভিড সংক্ৰমণৰ পৰা বাচি থাকিব লাগে৷ সংগঠনটোৰ এই সম্পৰ্কীয় নিৰ্দেশনা বৃথা৷ দ্বিতীয়তে তাৰাৱীহ নামাজ আজি হজৰত উমৰ ৰাদ্বিয়াল্লাহু আনহুৰ দিনৰ পৰা মানুহে জামাত সহকাৰে ২০ ৰাকাতকৈ নামাজ পঢ়ি অাহিছে৷ আকৌ হঠাতে ইছলামিক চেন্টাৰ ফৰ ইণ্ডিয়াই কি গৱেষণা কৰি ইয়াৰ ঠাইত ১০ ৰাকাত তাৰাৱীহ পঢ়িব লাগে বুলি ঘোষণা কৰিলে৷ এই ঘোষণা কুৰআন আৰু হাদীচ মোতাবিক আৰু বৰ্তমানৰ সামাজিক প্ৰেক্ষাপটত বিশুদ্ধ হোৱা নাই৷ সেয়ে সংগঠনটোৰ এই ঘোষণাও বৃথা৷ তৃতীয়তে শেষ নিশা মুছলমানসকলে চেহৰি খোৱাৰ পিছত দুই মিনিট বা তিনি মিনিটৰ বাবে লাউডস্পীকাৰ ব্যৱহাৰ কৰি ফজৰৰ আজান দিয়ে৷ এয়া কোনো ৰমজান বিশেষ নহয়৷ অন্য মাহতো ফজৰৰ আজান এইধৰণে চলি থাকে৷ মাত্ৰ এটাই পাৰ্থক্য দহ মিনিটৰ কিছু অগা পিছাহে৷ সেয়ে সংগঠনটোৱে চেহৰি শেষ হোৱাৰ পিছত ফজৰৰ বাবে দিয়া আজানটোক অন্য মাহতকৈ বিশেষ কৰি দেখুৱাই তাক বাধা দিব লাগে বুলি কৰা নিৰ্দেশনাও বৃথা৷ চতুৰ্থতে ৰমজান মাহত মুছলমানসকলে দৰিদ্ৰসকলক ফিৎৰা, জাকাতৰ উপৰিও অন্য বিভিন্ন প্ৰকাৰৰ দান-খাইৰাত তথা ইফতাৰৰ সামগ্ৰী অতীজৰে পৰা প্ৰদান কৰি আহিছে৷ এই কথা পালন কৰিবলৈ নতুনকৈ মুছলমানসকলক নিৰ্দেশনা দিয়াৰ কোনো প্ৰয়োজন নাই৷ সেয়ে হঠাতে ইছলামিক চেন্টাৰ ফৰ ইণ্ডিয়াই যিবোৰ সামগ্ৰী অতিশীঘ্ৰেই বিতৰণ কৰিবলৈ যি আহ্বান জনোৱা পৰিলক্ষিত হৈছে এয়াটো মুছলমানসকলৰ বাবে সাধাৰণ ভাৱে চলি থকা কথা৷ তেওঁলোকৰ অভিব্যক্তিত এই কথা প্ৰকাশ পাইছে যে মুছলমানসকলে যেন ইফতাৰৰ সামগ্ৰী আগতে ক’তো আৰু কেতিয়াও বিতৰণ কৰা নাই৷ সেয়ে আমি তেওঁলোকৰ এই আহ্বানটোকো বৃথা বুলি অনুভৱ কৰিছো৷