0 00 1 min 4 yrs 192

“নিবনুৱা সমস্যা সমাধান কৰিম,চৌব্বিছ ঘন্টা বিজুলি বাতি যোগান অব্যাহত থাকিব,সকলোতে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰি দিম,সকলোৰে ঘৰ পকীকৰণ কৰিম,জাতি-মাটি-ভেটি ৰক্ষা কৰিম,দেশৰ পৰা সকলো বিদেশী বহিস্কাৰ কৰিম,মাত্ৰ এইবাৰ মোক ভোট দি জয়যুক্ত কৰক।আৰু………আৰু কি ক’ব পাৰি বাৰু???”

       কাইলৈ নিৰ্বাচনী সভাত কি কি ভাষণ দিব,কি কি প্ৰতিশ্ৰুতি দিব কথাবোৰ ভাৱি ভাৱি টিকেনৰ দুচকুত টুপনি সৰিল।মনতে ভাৱিলে যোৱাটো নিৰ্বাচনটো বহুত প্ৰতিশ্ৰুতি দিলোঁ,কিন্তু ৰক্ষা কৰিব পাৰিলোঁ জানো!তেনেস্থলত মোক জনসাধাৰণে ভোট দিব জানো?মনটো সেমেকি উঠিল।আকৌ ভাৱিলে-মোৰ দৰে প্ৰতিগৰাকী প্ৰাৰ্থীয়েই প্ৰতিশ্ৰুতি দিব,কিন্ত……!সেইটো এটা সহজাত প্ৰবৃত্তি।নিজকে সান্তনা ল’লে।ঘড়ীটোলৈ চাই দেখে যে ৩ বাজি ১৫ মিনিট হৈছে।
উত্তম লইং
৯১০১৫৬২৩৪৩

Leave a Reply

Your email address will not be published. Required fields are marked *