0 00 1 min 4 yrs 157
যেতিয়া পৃথিৱী গভীৰ নিদ্ৰাত নিদ্ৰাদেৱীৰ কোলাত নিমগ্ন হয়
তেতিয়া কবিয়ে ‘পাই হেৰুৱা’ৰ কবিতা ৰচে
যেতিয়া ধূলিকনাবোৰে অন্ধকাৰত বাট হেৰুৱায়
তেতিয়া মই গীত গাওঁ ‘বিচ্ছেদ আৰু বিষাদ’ৰ,
‘মই তোমাক নোপোৱাৰ’ অথবা ‘তুমি মোৰ নোহোৱাৰ…’
যেতিয়া ৰাতিৰ কোৰ্লাহলবোৰ শুই পৰে তোমাক একো নোকোৱাকৈয়ে,
সাৰে থাকোঁ মাথোন ‘মই’ আৰু ‘নিদ্ৰাহীন অক্লান্ত ৰাতিবোৰ’……
‘ভাগৰুৱা দিন’ৰ পোহৰবোৰ কাহানিবাই শুই পৰে
বাহি পোছাক নসলোৱাকৈয়ে…
তথাপি,
তোমাৰ ঘামে ধোৱা দেহৰ পকা আম পকা আম গোন্ধ এটাই বৰকৈ আমনি কৰে,
আৰু যৌৱনমতী চৰাইজনী হৈ সঘনাই বুকুৰ পৰা উৰা মাৰে।
                   উত্তম লইং
                ৯১০১৫৬২৩৪৩

Leave a Reply

Your email address will not be published. Required fields are marked *