
আজি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্র সন্থা (নেমছু) দৰং জিলা সমিতিৰ এটা সজাতী দলে বানৰ কবলত পৰা দৰঙৰ বিভিন্ন গাঁও পৰিদৰ্শন কৰি ৰাইজৰ লগত মত-বিনিময় কৰে। উক্ত সজাতী দলত উপস্থিত থাকে দৰং জিলা নেমছুৰ সভাপতি ছাবিনুৰ আলী। দৰং জিলা নেমছুৰ কাৰ্যকৰী সভাপতি হাফিজ গিয়াছউদ্দিন আহমেদ, উপ সভাপতি ছানোৱাৰ আলম, ইছমাইল হক, সাধাৰণ সম্পাদক আবু ছায়েদ আনচাৰী, সাংগঠনিক সম্পাদক হাছান গনি। বান পানীৰ কবলত পৰা দৰং জিলা পৰিদৰ্শন কৰি নেমছুৰ কাৰ্যকৰী সভাপতি হাফিজ গিয়াছউদ্দিন আহমেদে কয় যে আজি চাৰি পাঁচ দিনৰ পৰা চৰ চাপৰিৰ ৰাইজে বানপানীত ক্ষতিগ্রস্ত হৈছে তেওলোকক খাদ্য সামগ্রী, চিকিৎসা, পশু খাদ্য, পশু চিকিৎসা যোগান ধৰিবলৈ চৰকাৰী কৰ্তৃপক্ষক আহ্বান জনায় আৰু লগতে তেওঁ আৰু কয় যে আপোনালোকে এচি ৰুমত বহি থাকিলেই নহ’ব চৰ চাপৰিৰ জনসাধাৰণে এই সময়ত ক’ত আছে, কি খাইছে পৰিদৰ্শন কৰক। জিলা নেমছুৰ সাধাৰণ সম্পাদক আবু ছায়েদ আনচাৰীয়ে বানপানীত ক্ষতিগ্রস্ত হোৱা ৰাইজক ক্ষতিপূৰণ দিবলৈ মাননীয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনায়।