0 00 1 min 5 yrs 215
ডিব্ৰুগড় জিলাৰ নাহৰকটিয়াৰ জীয়ৰী ফাৰমিদা আহমেদক বহিৰাজ্যত তেখেতৰ নিজৰেই স্বামীয়ে পৰিকল্পিতভাবে হত্যা কৰাৰ অভিযোগ কৰিছে ফাৰমিদাৰ পৰিয়ালে । জানিব পৰা মতে ২০১৮ চনৰ ২১ অক্টোবৰ তাৰিখে ফাৰমিদা আৰু উত্তৰ প্ৰদেশৰ কানপুৰৰ মবিন খান নামৰ যুৱক জনৰ মাজত সামাজিক ৰীতি-নীতিৰে বিবাহ সম্পন্ন হয় । বিবাহৰ পাছতেই স্বামী মবিন খানে যৌতুকৰ খাতিৰত ফাৰমিদাৰ ওপৰত চলাই আহিছিল শাৰীৰিক তথা মানসিক নিৰ্যাতন । ফাৰমিদাৰ পৰিয়ালৰ সৈতে যোগাযোগ তথা কোনো ধৰণৰ সম্পৰ্ক স্থাপন কৰিবলৈ দিয়া হোৱা নাছিল । কয়দীৰ দৰে আবদ্ধ কৰি ৰাখিছিল ঘৰৰ ভিতৰতে, মুকলি আকাশৰ সৈতে যেন সম্পৰ্ক বিচ্ছিন্ন হৈ গৈছিল ফাৰমিদাৰ । আৰু অৱশেষত পৰিকল্পিতভাবে হত্যা কৰিলে অসম জীয়ৰী ফাৰমিদাক ।উল্লেখযোগ্য যে ফাৰমিদা ৭ মাহৰ প্ৰেগনেণ্ট আছিল । ফাৰমিদাৰ পৰিয়ালে কানপুৰ আৰক্ষী চকীত মবিন খানৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে । এতিয়া প্ৰশ্ন হল অভিযুক্ত মবিন খানে উপযুক্ত শাস্তি পোৱাৰ লগতে দুৰ্ভগীয়া পৰিয়ালটোয়ে ন্যায় পাবনে ?
সাগৰিকা দত্ত 
ডিব্ৰুগড়  

Leave a Reply

Your email address will not be published. Required fields are marked *