0 00 1 min 4 yrs 174
ক্ৰুদ্ধ নহবি ঐ নহবি ঐ,
ত্রাসৰ সৃষ্টিকাৰী বান ।
নিনিবি উটোৱাই আমাৰে আপোনৰে পঁজাটিক,
নিনিবি মৰমৰে পশু-পক্ষীক ।
নাৰাখিবি তোৰে বুকুৰ মাজতে,
কেঁচা সজাল ধৰা ভূঁইক ।
নানিবি বেমাৰৰে বীজাণু,
নহবি তই কান্দোনৰে উৎস ।
কেনেকৈ সজাম আকৌ,
মৰমৰ পঁজাটিক ।
সকলো লৈ গ’লি
তোৰে বুকুৰ মাজত ।
এতিয়া আমি হলো আশ্ৰয়হীন,
অন্ন, পানীৰ বাবে আমি হাহাকাৰ ।
কিছু সাহায্যই ৰাখিছে জীয়াই আমাক,
ইয়েই মানৱতাৰ এক নিৰ্দশন ।

Leave a Reply

Your email address will not be published. Required fields are marked *