চকুৰ পলকতেই উৰুৱাই নিলে
পদূলিৰ ধূলি বোৰ
উৰুৱাই নিলে মোৰ মনৰ খু দুৱনি
মাথো ৰৈ গ’ল
সৰা পাতৰ অফূৰন্ত বাসনা ।
পদূলিৰ ধূলি বোৰ
উৰুৱাই নিলে মোৰ মনৰ খু দুৱনি
মাথো ৰৈ গ’ল
সৰা পাতৰ অফূৰন্ত বাসনা ।
ফাগুন আহাৰ বাতৰি পাই
গছৰ ডালত ফুলি উঠিল
পলাশ, মদাৰ ,শিমলু।
ফাগুৰ সেই বৃষ্টি বন্যাই
কঢ়িয়াই আনিলে গছৰ ডালত কুঁহিপাত।
গছৰ ডালত ফুলি উঠিল
পলাশ, মদাৰ ,শিমলু।
ফাগুৰ সেই বৃষ্টি বন্যাই
কঢ়িয়াই আনিলে গছৰ ডালত কুঁহিপাত।
চৌদিশ অমোল মূল কৰিছে
সৰা পাতৰ শুকান গোন্ধই
জিপাল হৈ উঠিছে ধৰাৰ বুকু।
সৰা পাতৰ শুকান গোন্ধই
জিপাল হৈ উঠিছে ধৰাৰ বুকু।
ফাগুনৰ বতৰাই নমাই আনিলে প্ৰেমৰ বৰষুণ
প্ৰেমৰ ৰাগিত মতলিয়া হৈ
গছৰ ডালতো মলিয়ালে আমে।
প্ৰাণ পাই উঠা
দুবৰিয়ে দলিচা পাৰি দিছে
উন্মনা ফাগুনক
দুবৰিৰ দলিচাক সম্ভাষণ
জনাই বা বলাইছে উন্মনা ফাগুনে।
সেই উন্মনা ফাগুনৰ সৈতে
বিলীন হব খোজে মোৰ মনে।
প্ৰেমৰ ৰাগিত মতলিয়া হৈ
গছৰ ডালতো মলিয়ালে আমে।
প্ৰাণ পাই উঠা
দুবৰিয়ে দলিচা পাৰি দিছে
উন্মনা ফাগুনক
দুবৰিৰ দলিচাক সম্ভাষণ
জনাই বা বলাইছে উন্মনা ফাগুনে।
সেই উন্মনা ফাগুনৰ সৈতে
বিলীন হব খোজে মোৰ মনে।
জ্যোৎস্না শইকীয়া