0 00 1 min 6 yrs 205

তিনিছৰমানৰ আগতে মই গোলাঘাটৰ চুম্পি নামৰ ছোৱালী এজনী মনেপ্ৰাণে ভালপাইছিলো   আৰু তায়ো। তাইৰ বয়স তেতিয়া সোতৰ বছৰ আছিল , থকা হ’লে এতিয়া বিছবছৰমান হ’ ল হেতেন । কিন্তু তাই আমাৰপৰা বিদায় লৈ চিৰদিনৰ বাবে কোনোবা নজনা নেদেখা ঠাইলৈ গুচি গলগৈ । যিখন ঠাইলৈ যোৱাটো অতি সহজ কিন্তু উভতি অহাটো কেতিয়াও সম্ভৱ নহয় । কিয় আৰু কেনেকৈ আতৰি গ’ল তাই ??? অসমীয়াত এষাৰ কথা আছে যে হৰিণাৰ মাংস্ই বৈৰী । তাইৰো একে অৱস্থা হ’ল । নিজৰ ৰূপৰ বলী হ’ল তাই ।
সিহতৰ ঘৰৰ পৰা প্ৰায় 15 ক মি মান দূৰৰ ল’ৰাএটাই ভালপোৱাৰ প্ৰস্তাৱ দিছিল তাইক । কিন্তু তাই সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল কিয়নো সেই সময়ত তাই মোক মনেপ্ৰাণে ভালপাই আছিল ।কিন্তু সেই মানুহৰূপী দানৱটোৱে তাইৰ জীৱনটো ওলট-পালট কৰি দিলে। কোনোবা বেজৰ সহায় লৈ সি তাইক পলোৱাই লৈ গৈছিল । সিদি না তাই জীৱনৰ মায়া মোহ তথা হিতাহিত জ্ঞান হেৰুৱাই পেলাইছিল আৰু প্ৰায় চাৰি মাহ মানৰ পাছতে তাই মদাহী পতিৰ অত্যাচাৰ সহিব নোৱাৰি মাকৰ ঘৰলৈ ঘূৰি আহিবলগা হৈছিল , পেটত এটা অবুজ সন্তান লৈ । তাই আহিল যি আহিলেই কোনোদিন পতিৰ ঘৰলৈ ঊভতি যোৱাৰ সুযোগ নাপালে আনহাতে সি কোনোদিন নাহিল তাইক বিছাৰি । তাৰ ঠিক 5 মাহমানৰ পাছত তাই পাগলীৰ দৰে আচৰন কৰিবলৈ ধৰিলে । অঘৰী মানুহৰ দৰে য’তে-ত’তে থাকিবলৈ ল’লে । কাৰোবাক লগ পালেই সোধে মোৰ কথা । চিঞৰি-চিঞৰি গায় মোৰ ৰসগোল্লা শীৰ্ষঘক গীতটো । ঘৰৰ মানুহে বিছাৰি আনিলেও ক্ষনতেক পাছতেই পুনৰ ঘৰ এৰি গুছি গৈছিল । আৰু এনেদৰে ঘূৰি-ফুৰি থাকোতেই এদিন তাই এটি কন্যা সন্তানৰ জন্ম দিছিল । তাৰ ঠিক 5 দিনমানৰ পাছতেই তাই সন্ধানহীন হয় ।ওচৰৰ আৰক্ষী চকীত জনোৱা হ’ল। ঘৰৰ মানুহেও বহুত বিছাৰিলে কিন্তু কোনো সন্ধান নাপালে । সন্ধানহীন হোৱাৰ এমাহমানৰ পাছত ফৰকাটিং ৰেইল ষ্টেচনৰ ওচৰত থকা খাল এটাত পুলিছে তাইৰ দেদবডী উদ্ধাৰ কৰে । এনেকৈয়ে মোৰ প্ৰেমৰ অন্ত পৰিল , এটা সঁচা প্ৰেম কাহিনীৰ অকালতে মৃত্যু হ’ল ।চিনেমাত ঘটাৰ দৰে এটাৰ পাছত এটাকৈ সকলোবোৰ ঘটি গ’ল , মই একোকে কৰিব নোৱাৰিলো । হৈ থাকিবলগা হ’ল এজন নীৰৱ দৰ্শক। তাইৰ হাঁহি , ধেমালি কান্দোনবোৰ বৰকৈ মনত পৰিছে আজি । তাই মোৰ বহু মৰমৰ আছিল । তাইৰ মৌ মিঠা মাতেৰে love you বুলি কোৱা কথাষাৰ আজিয়ো মোৰ কাণত বাজি থাকে । বাৰে বাৰে প্ৰতিধ্বনি হয় । মই শিয়ৰি উঠোঁ ।কেতিয়াবা জোৰেৰে চিঞৰি দিওঁ চুম্পি বুলি । দুগালেদি দুধাৰি চকুলো বৈ যায় । মনৰ হেপাহেৰে কান্দো । সচাকৈয়ে বহুত ভালপাইছিলো তাইক সেয়ে ছাগে আমাৰ মিলন ন’হল ।তাইৰ ছোৱালীজনীৰ এতিয়া তিনিবছৰ হৈছে । নামটো ৰিয়া । মোক মামা বুলি মাতে । বৰ মৰমলগা ছোৱালী , মাকতকৈ এগুণ বেছি । মোৰ ফালৰপৰা তাইলৈ এটা সৰু উপহাৰ । 50 হাজাৰ টকাৰ ফিক্সড দিপজিত । (পৰেশ আকাশ)

Leave a Reply

Your email address will not be published. Required fields are marked *