0 00 1 min 3 yrs 237

 উৰিয়ামঘাটৰ মিথিংগা নৌগৌৰ ক্ষেত্ৰত বৃহস্পতিবাৰে উদুলি-মুদুলি পৰিবেশ।

উৰিয়ামঘাটত অহা ৫ ফেব্ৰুৱাৰীৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব সন্মিলিত বড়ো গণ মঞ্চৰ সপ্তম বাৰ্ষিক অধিবেশন।
 তদুপলক্ষে বৃহস্পতিবাৰে স্থাপন কৰা হয় লাইখুটা।
উক্ত অধিবেশনত ৰাজ্যখনৰ একৈশখন জিলা, চুবুৰীয়া ৰাজ্য আৰু নেপাল, বাংলাদেশৰ পৰাও বড়োসকলৰ প্ৰতিনিধি উপস্থিত থাকিব বুলি প্ৰকাশ।
উপস্থিত বড়োসকলৰ প্ৰতিনিধি সকলে জনোৱা মতে উক্ত অধিবেশনতে বড়োসকলৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক ভৱিষ্যত নিৰ্ধাৰণ কৰিব।
উপস্থিত একাংশ বড়ো নেতাই বি টি চিৰ বাহিৰৰ ৰাইজৰ বাবে শেহতীয়াকৈ চৰকাৰে স্বায়ত্ব শাসিত পৰিষদ প্ৰদান কৰাৰ বাবে চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰে।
Byte:- উদযাপন সমিতিৰ সভাপতি, বড়ো নেতা।
বৰপথাৰৰ পৰা মাণিক শৰ্মাৰ ৰিপ’ৰ্ট

Leave a Reply

Your email address will not be published. Required fields are marked *