0 00 1 min 3 yrs 57
সময়বোৰ সৰল নাছিল
শব্দহীন ৰাতিটোৱে
জুমি আছিল উৰুখা চালৰ সিপাৰে
আকাশত তৰাবোৰ আছিল যদিও নাছিল
টিপ টিপাই জ্বলি থকা জোনাকী বোৰে
পোহৰাব পৰা নাছিল যন্ত্ৰণাদগ্ধ এঙাৰ ক’লা পৃথিৱীখন
গুণ গুণোৱা চৰাইবোৰ গুচি গৈছিল প্ৰৱাসলৈ।
তৰাবোৰে জোনটোক খেদিছিল
জীৱনক সপোনে খেদাৰ দৰে
ভাৱনাৰ এটা অনুভূতি ডাৱৰৰ পানীগছা
অগম্য জীৱনৰ সৰ্পিল গতি
অবিৰত সংগ্ৰাম মানেইটো জীৱন
প্ৰাপ্তি-অপ্ৰাপ্তিৰ হিচাপ নিকাচ
সময় আৰু জীৱন প্ৰৱাহৰ সন্ধিক্ষণত
প্ৰত্যাশিত হেঁপাহৰ এটা নতুন বাট
পোহৰৰ বাটে পোখা মেলা বাট
অনুৰাগ শইচ ঠন ধৰি উঠা সেউজীয়া ঘাট।

Leave a Reply

Your email address will not be published. Required fields are marked *