তোমাৰ অনুভৱৰ
অনুৰাগত থকাসৰকা …
এখন্তেক শব্দবৃক্ষৰ
ছায়াত জিৰাও বুলি
দুচকুত অন্ধকাৰ নমাই
প্ৰাপ্তিৰ আশাত
প্ৰসাৰিত কৰোঁ শূন্য দুহাত …
তোমাৰ অনুভৱত
মোৰ শব্দবোৰ জিলিকি উঠক বুলি
মেলি দিওঁ ৰ’দৰ আঁচলত…
মোৰ অনুভৱে
তোমাকো স্পৰ্শ কৰক বুলি
নিৰ্ভয়ে লিখি যাওঁ
কলিজাত খুন্দিয়াই থকা
নৈসৰ্গিক কোলাহলবোৰ …
কাৰণ লয় ছন্দ অলংকাৰেৰে
সজাব খুজিলেও
নিস্তেজ হয় মুখৰ বৰণ ।
মোৰ শাব্দিক ছন্দগুচ্ছই
তোমাৰ সূক্ষ্ম অনুভূতিক জগাই
বাগিচাত নুফুলাই গোলাপ
নুশুনাই হৃদয়ৰ গান
তথাপিও সেন্দূৰীয়া হেঁপাহ এটাক
আপোন কৰাৰ স্বাৰ্থত
আত্মোৎসৰ্গ কৰোঁ সময়ৰ হাতত ।
ঊষামণি শইকীয়া
জালুকবাৰী , গুৱাহাটী