দেৰগাঁৱৰ সমীপৱৰ্তী ৰঙামাটি কৈৱত্ত গাঁৱৰ একালৰ জাতীয়তাবাদী নেতা তথা বৰ্তমানৰ সংবাদকৰ্মী ৰাতুল হাজৰিকাই বজাৰো আমাৰ পথাৰো আমাৰ মূলমন্ত্ৰ শিৰোগত কৰি চাকৰিমুখী নহৈ আৰম্ভ কৰিছে এখন বৃহৎ আকাৰৰ ব্ৰইলাৰ ফাৰ্ম । ৰাতুল হাজৰিকাই নিজৰ লগতে স্থানীয় কেবাজনো ব্যক্তিক নিজৰ ফাৰ্ম খনত সংস্থাপন দিছে।
তেখেতে ব্ৰইলাৰ ফাৰ্মৰ লগতে থলুৱা পাৰ চৰাই পোহাতো মনোনিৱেশ কৰিছে। যুৱ সংবাদকৰ্মী ৰাতুল হাজৰিকা হঁওক বহুতৰে এক প্ৰেৰণাৰ উৎস।